কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ প্ৰগতিৰ ক্ষেত্ৰত ভাৰতৰ সামুদ্রিক খণ্ডই এটা বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছে বুলি প্ৰকাশ কৰিছে।
বিশ্ব সামুদ্রিক দিৱস উপলক্ষে সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীসোণোৱালে কয়, যে দেশৰ বিকাশ অধিক ক্ষিপ্ৰ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আন্তঃগাঁথনিৰ আধুনিকীকৰণ, নীতিৰ সংস্কাৰ আৰু নাৱিক তথা সাগৰেদি অহা-যোৱা কৰা লোকসকলক প্ৰথম অগ্ৰাধিকাৰ দিয়াৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ।
সামুদ্রিক উদ্যোগৰ লগত জড়িত লোকসকলৰ কঠোৰ পৰিশ্ৰমক স্বীকৃতি প্ৰদান কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে ছেপ্তেম্বৰ মাহৰ শেষৰটো বৃহস্পতিবাৰত বিশ্ব সামুদ্রিক দিৱস পালন কৰা হয়।
এই বছৰ সামুদ্রিক খণ্ডৰ গুৰুত্ব আৰু গোলকীয় বাণিজ্য আৰু বিকাশৰ ক্ষেত্ৰত নাৱিক তথা খণ্ডটোৰ সৈতে জড়িত লোকসকলক স্বীকৃতি প্ৰদানৰ বাবে এই দিৱস পালন কৰা হৈছে।
চলিত বৰ্ষৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে— নীতি নিৰ্ধাৰণৰ পৰা কাৰ্যকৰীকৰণলৈ সাগৰীয় খণ্ডৰ বিকাশ। আন্তঃৰাষ্ট্ৰীয় সামুদ্রিক সংস্থাই ২০২৬-২৭ বৰ্ষৰ বাবে এই বিষয়টো নিৰ্বাচন কৰিছে। এই সংস্থা ইয়াৰ সদস্য ৰাষ্ট্ৰৰ বাবে কাৰিকৰী সাহায্য, প্ৰশিক্ষণ আৰু আন প্ৰয়োজনীয় সেৱাৰ ক্ষেত্ৰত সামুদ্রিক নীতি আৰু নিয়ন্ত্ৰণ কৰাত সহায় কৰাৰ বাবে দায়বদ্ধ।