October 10, 2026 5:40 PM
8
ডিব্ৰুগড়ৰ জালান আউটড’ৰ ষ্টেডিয়ামত নতুনকৈ সজাই তোলা পেভিলিয়নৰ শুভ উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ৰ জালান আউটড'ৰ ষ্টেডিয়ামত নতুনকৈ সজাই তোলা পেভিলিয়নৰ শুভ উদ্বোধন কৰে। পেভিলিয়নটো উদ্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে এই নতুন আন্তঃগাথনিয়ে ডিব্ৰুগড়ৰ ক্ৰীড়াক্ষেত্ৰখনক অধিক শক্তিশালী কৰাৰ লগতে উদীয়মান খেলুৱৈসকলক নিজৰ প্ৰতিভা বিকাশৰ বাবে উন্নত পৰিবেশ প্ৰদান কৰিব। এই পেভিলিয়ন নিৰ্মাণৰ বাবে অইল ইণ্ডিয়া লিমিটেডে কৰ্পৰেট সামাজিক দায়বদ্ধতা পুঁজিৰ অধীনত ২৪ লাখ ৪৫ হাজাৰ টকা আগবঢ়াইছে। অনুষ্ঠানত বিধায়ক তথা অ...