October 17, 2026 12:23 PM | Sarbanada sonowal

printer

দুটা পৃথক পৃথক আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত থকা ২৪ জন ভাৰতীয় নাৱিকৰ আটাইকেইজনেই নিৰাপদ অৱস্থাত আছে বুলি সৰ্বানন্দ সোণোৱালৰ প্রকাশ

 হৰমুজ আৰু ৰোমানিয়া প্ৰণালীত পৃথক পৃথক আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত দুখন জাহাজত থকা ২৪ জন ভাৰতীয় নাৱিকৰ আটাইকেইজনেই নিৰাপদ অৱস্থাত আছে আৰু এতিয়ালৈকে কোনো লোকৰ মৃত্যু বা আঘাতৰ খবৰ পোৱা নাই বুলি বন্দৰ, জাহাজ পৰিৱহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্রকাশ কৰিছে।

সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰী সোণোৱালে কয় যে চলিত মাহৰ ১৫ তাৰিখে হৰমুজ প্রণালীত ১৫ জন ভাৰতীয় নাৱিক কঢ়িয়াই অনা খাৰুৱা তেলৰ টেংকাৰ এম টি এছ টি ৩ ক লক্ষ্য কৰি আক্ৰমণ কৰাৰ বিপৰীতে ১৪ তাৰিখে ৰোমানিয়াৰ চুলিনা এংকৰেজত ৯ জন ভাৰতীয় নাৱিক কঢ়িয়াই অনা ৰাসায়নিক টেংকাৰ YARA J-কড্ৰ’নে আক্ৰমণ কৰে। তেওঁ কয় যে চৰকাৰে এই দুয়োটা আক্ৰমণৰ ঘটনাক তীক্ষ্ণভাৱে নিৰীক্ষণ কৰি আছে আৰু নাৱিকসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যে জাহাজ পৰিচালনা কোম্পানীসমূহৰ সৈতে সমন্বয় স্থাপন কৰিছে।

ইয়াৰ পূৰ্বে ভাৰতে পশ্চিম এছিয়াত চলি থকা সংঘাতৰ মাজতে সামুদ্রিক মাৰ্গ আৰু বাণিজ্যিক জাহাজৰ ওপৰত চলোৱা আক্রমণক কঠোৰ ভাষাৰে গৰিহণা দিছিল। মধ্যপ্রাচ্য সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বিতৰ্কত ভাষণ দি ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্রতিনিধি হৰিশ পাবথানেনীয়ে শীঘ্ৰে তীব্রতা হ্রাস কৰাৰ আহ্বান জনোৱাৰ লগতে সকলো পক্ষকে আলোচনা আৰু কূটনীতিৰ জৰিয়তে সংঘাত সমাধান কৰিবলৈ আহ্বান জনায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।