কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কনভয় আজি ডিব্ৰুগড়ত এটা দুৰ্ঘটনাত পতিত হয়। শ্ৰী সোণোৱাল ওপজা গাঁও বিন্ধাকটালৈ গৈ থকা অৱস্থাত চাবুৱাৰ হাতীআলি বাইপাছত দুৰ্ঘটনাটো সংঘটিত হয়। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী গৈ থকা অৱস্থাত কনভয়টোৰ এখন গাড়ীয়ে পথৰ দাঁতিত ৰখাই থোৱা এখন ব্যক্তিগত বাহনত খুন্দা মৰাৰ ফলতেই দুর্ঘটনাটো সংঘটিত হয়। ঘটনাত দুজন সাধাৰণ নাগৰিক আহত হোৱাৰ লগতে ৪ গৰাকী আৰক্ষী আহত হয়। আহত কেইজনক ততাতৈয়াকৈ ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। আহত আটাইকেইজন বর্তমান সংকটমুক্ত বুলি আৰক্ষীয়ে জানিবলৈ দিছে।
Assamese | January 4, 2026 9:23 PM | Sarbanada sonowal
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কনভয় ডিব্ৰুগড়ত দুৰ্ঘটনাত পতিত হয়