July 31, 2026 12:26 PM | Sarbanada sonowal

printer

চৰকাৰৰ ধ্বজাবাহী প্রকল্পসমূহৰ ৰূপায়ণৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ সৰ্বানন্দ সোণোৱালৰ

কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিষয়াসকলক ধ্বজাবাহী প্রকল্পসমূহৰ ৰূপায়ণৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ দিছে। বিকশিত ভাৰতৰ লক্ষ্য সম্পৰ্কীয় এখন বৈঠকত অধ্যক্ষতা কৰি শ্ৰীসোণেৱালে মন্ত্ৰালয়, গুৰুত্বপূৰ্ণ বন্দৰ আৰু ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ বিষয়াসকলক দেশৰ দীৰ্ঘকালীন সামুদ্রিক অভিলাষা পূৰণৰ বাবে ঐক্যবদ্ধ দৃষ্টিভংগীৰে কাম কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে সামগ্ৰী পৰিবহন সামর্থ্যৰ সম্প্ৰসাৰণ, ঘৰুৱা উৎপাদন বৃদ্ধি আৰু গোলকীয় প্রতিযোগিতাৰ বাবে ফেৰ মাৰিব পৰাকৈ নিজকে প্ৰস্তুত কৰি ভাৰতবৰ্ষক বিশ্বৰ অগ্ৰণী সামুদ্রিক অৰ্থব্যৱস্থাসমূহৰ অন্যতম হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে বিকশিত ভাৰত দৃষ্টিভংগীৰ অধীনত গ্ৰহণ কৰা বিশদ পৰিকল্পনাৰ বিষয়ে আলোকপাত কৰে। শ্ৰীসোণোৱালে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সামুদ্রিক খণ্ড দেশৰ অৰ্থনৈতিক ৰূপান্তৰৰ শক্তিশালী স্তম্ভ হিচাপে পৰিগণিত হৈছে।