শিলচৰ পৌৰ নিগম নিৰ্বাচনত বিজেপি প্রার্থীৰ হৈ প্ৰচাৰ চলাবলৈ শিলচৰত উপস্থিত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শ‍ইকীয়া

শিলচৰ পৌৰ নিগম নিৰ্বাচনত বিজেপি প্রার্থীৰ হৈ প্ৰচাৰ চলাবলৈ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শ‍ইকীয়া আজি শিলচৰত উপস্থিত হৈছে।

আজিৰে পৰা অহা ২৬ ছেপ্তেম্বৰলৈ সভাপতি শ্ৰীশ‍ইকীয়াই বিভিন্ন ৱাৰ্ডত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে সাংগঠনিক সভাত অংশগ্রহণ কৰিব।

শিলচৰ পৌৰ নিগমৰ প্ৰথম নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে ইতিমধ্যে ৪২টা ৱাৰ্ডক কেন্দ্ৰ কৰি সাংগঠনিক আৰু প্ৰচাৰৰ প্ৰস্তুতি আৰম্ভ কৰিছে।

দলটোৱে ৩৮টা ৱাৰ্ডত প্ৰাৰ্থী প্ৰক্ষেপ কৰি দুটা ৱাৰ্ডত বিনা প্রতিদ্বন্দ্বিতাত জয়লাভ কৰিছে। দলীয় সূত্ৰই জনোৱা মতে এই মাহৰ শেষৰ ফালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা শিলচৰত উপস্থিত হোৱাৰ কথা৷