October 6, 2026 6:40 PM

views 14

শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগণনা অব্যাহত

শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগণনা চলি আছে। বৰ্তমানলৈ লাভ কৰা তথ্য অনুসৰি বিজেপিয়ে ২৩ টা ৱাৰ্ডত জয়লাভ কৰিছে আৰু মিত্ৰদল অসম গণ পৰিষদে দুটা ৱাৰ্ড হস্তগত কৰিবলৈ সমৰ্থ হৈছে। ২৯ আৰু ৩০ নম্বৰ ৱাৰ্ডত পুনৰ ভোটগণনাৰ নিৰ্দেশ দিয়া হৈছে। ৱাৰ্ড দুটাত পুনৰ গণনা চলি আছে।

September 30, 2026 6:15 PM

views 30

শিলচৰ পৌৰনিগমৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তুংগত

অহা ৩ অক্টোবৰত হ'বলগীয়া শিলচৰ পৌৰনিগমৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তুংগত উঠিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে দায়িত্ব গ্ৰহণ কৰাৰ পাছত আজি প্ৰথমবাৰ শিলচৰ ভ্ৰমণ কৰিব। তেওঁ বিয়লি ৪ বজাত শিলচৰ পুলিচ পেৰেড গ্রাউণ্ডত এখন নির্বাচনী সভাত অংশ ল'ব। ড০ শৰ্মাই দলীয় কর্মী সমর্থক সকলকো সম্বোধন কৰিব। মুখ্যমন্ত্ৰীয়ে বৰাক উপত্যকাত অসম সচিবালয়ৰ কাম-কাজ পৰিচালনা সম্পৰ্কীয় পর্যালোচনা বৈঠকত অংশ ল'ব। ইয়াৰ পাছত তেওঁ ৰাইজৰ সৈতে মত-বিনিময় কৰিব। ইপিনে মন্ত্ৰী অতুল বৰা...

September 24, 2026 4:05 PM

views 34

শিলচৰ পৌৰ নিগম নিৰ্বাচনত বিজেপি প্রার্থীৰ হৈ প্ৰচাৰ চলাবলৈ শিলচৰত উপস্থিত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শ‍ইকীয়া

শিলচৰ পৌৰ নিগম নিৰ্বাচনত বিজেপি প্রার্থীৰ হৈ প্ৰচাৰ চলাবলৈ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শ‍ইকীয়া আজি শিলচৰত উপস্থিত হৈছে। আজিৰে পৰা অহা ২৬ ছেপ্তেম্বৰলৈ সভাপতি শ্ৰীশ‍ইকীয়াই বিভিন্ন ৱাৰ্ডত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে সাংগঠনিক সভাত অংশগ্রহণ কৰিব। শিলচৰ পৌৰ নিগমৰ প্ৰথম নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে ইতিমধ্যে ৪২টা ৱাৰ্ডক কেন্দ্ৰ কৰি সাংগঠনিক আৰু প্ৰচাৰৰ প্ৰস্তুতি আৰম্ভ কৰিছে। দলটোৱে ৩৮টা ৱাৰ্ডত প্ৰাৰ্থী প্ৰক্ষেপ কৰি দুটা ৱাৰ্ডত বিনা প্রতিদ্বন্দ্বিতাত জয়লাভ কৰিছে। দলীয় সূত্ৰই জনোৱা মতে এই ম...

September 24, 2026 12:22 PM

views 25

শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ডাক বেলটযোগে ভোটদানৰ বাবে আগ্রহী লোকসকলে পৰহিলৈ ভোটদান কৰিব পাৰিব

শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ডাক বেলটযোগে ভোটদানৰ বাবে আগ্রহী লোকসকলে পৰহিলৈ ভোটদান কৰিব পাৰিব। শিলচৰৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বহুমুখী বিদ্যালয়ত পুৱা ৯.৩০ বজাৰ পৰা বিয়লি ৫ বজালৈ ভোটদান কৰিব পাৰিব। নিৰ্বাচন কৰ্তৃপক্ষই ইয়াৰ বাবে আবেদন কৰা সংশ্লিষ্ট ভোটদাতাসকলক ভোটদান প্ৰক্ৰিয়া সুকলমে আৰু সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগ্রহণ অহা ৩ অক্টোবৰত অনুষ্ঠিত হ'ব। এই উপলক্ষে সেইদিনা শিলচৰ পৌৰ নিগম এলেকাত ৰাজহুৱা বন্ধৰ দ...

July 23, 2025 6:41 PM

views 50

পদপথ দখল কৰা ব্যৱসায়ীৰ বিৰুদ্ধে শিলচৰ পৌৰ নিগমৰ উচ্ছেদ অভিযান

শিলচৰ পৌৰ নিগমে আজি শিলচৰ নগৰৰ পদপথ দখল কৰা ব্যৱসায়ীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলায়। পৌৰ নিগমৰ এটা বৃহৎ দলে আৰক্ষী আৰু প্ৰশাসনৰ লোকৰ সহযোগত নগৰখনৰ বিভিন্ন প্ৰান্তত উচ্ছেদ চলায়। পদপথত দখল কৰি থকা অস্থায়ী দোকানসমূহ ভাঙি সামগ্ৰীসমূহ আঁতৰাই পেলোৱা হয়।