অহা ৩ অক্টোবৰত হ’বলগীয়া শিলচৰ পৌৰনিগমৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তুংগত উঠিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে দায়িত্ব গ্ৰহণ কৰাৰ পাছত আজি প্ৰথমবাৰ শিলচৰ ভ্ৰমণ কৰিব।
তেওঁ বিয়লি ৪ বজাত শিলচৰ পুলিচ পেৰেড গ্রাউণ্ডত এখন নির্বাচনী সভাত অংশ ল’ব। ড০ শৰ্মাই দলীয় কর্মী সমর্থক সকলকো সম্বোধন কৰিব। মুখ্যমন্ত্ৰীয়ে বৰাক উপত্যকাত অসম সচিবালয়ৰ কাম-কাজ পৰিচালনা সম্পৰ্কীয় পর্যালোচনা বৈঠকত অংশ ল’ব। ইয়াৰ পাছত তেওঁ ৰাইজৰ সৈতে মত-বিনিময় কৰিব।
ইপিনে মন্ত্ৰী অতুল বৰাই কালি শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাই । তেওঁ চাৰিখন প্ৰচাৰ সভাত অংশ লৈ মিত্ৰজোঁটৰ প্ৰাৰ্থীক জয়ী কৰিবলৈ আহ্বান জনায়।