শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ডাক বেলটযোগে ভোটদানৰ বাবে আগ্রহী লোকসকলে পৰহিলৈ ভোটদান কৰিব পাৰিব।
শিলচৰৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বহুমুখী বিদ্যালয়ত পুৱা ৯.৩০ বজাৰ পৰা বিয়লি ৫ বজালৈ ভোটদান কৰিব পাৰিব। নিৰ্বাচন কৰ্তৃপক্ষই ইয়াৰ বাবে আবেদন কৰা সংশ্লিষ্ট ভোটদাতাসকলক ভোটদান প্ৰক্ৰিয়া সুকলমে আৰু সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে।
উল্লেখযোগ্য যে শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগ্রহণ অহা ৩ অক্টোবৰত অনুষ্ঠিত হ’ব। এই উপলক্ষে সেইদিনা শিলচৰ পৌৰ নিগম এলেকাত ৰাজহুৱা বন্ধৰ দিন ঘোষণা কৰা হৈছে।
ৰাজ্যপালৰ অনুমোদনমৰ্মে জাৰি কৰা অধিসূচনা অনুসৰি ৩ অক্টোবৰত শিলচৰ পৌৰ নিগম এলেকাৰ অন্তৰ্গত সকলো চৰকাৰী কাৰ্যালয় আৰু শিক্ষানুষ্ঠান বন্ধ থাকিব।