শোণিতপুৰ জিলাৰ সোণাই-ৰূপাই বন্যপ্রাণী অভয়াৰণ্যৰ বিষয়টো ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ চৰ্চা

শোণিতপুৰ জিলাৰ সোণাই-ৰূপাই বন্যপ্রাণী অভয়াৰণ্যৰ বিষয়টো ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ চৰ্চালৈ আহিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মন কী বাত অনুষ্ঠানৰ ১৩৮ সংখ্যক খণ্ডত এই বনাঞ্চল আৰু ইয়ালৈ হাতীৰ পুনৰাগমনৰ বিষয়ে উল্লেখ কৰাৰ পাছত প্ৰকৃতিপ্ৰেমীসকলৰ মাজত বিষয়টোৱে পুনৰ চৰ্চা লাভ কৰে।

উল্লেখযোগ্য যে বনাঞ্চলখনত মানুহৰ সক্ৰিয়তা বৃদ্ধি পোৱাৰ ফলস্বৰূপে ইয়াৰ পৰা হাতীবোৰ ক্ৰমান্বয়ে আঁতৰি গৈছিল বুলি উল্লেখ কৰি ৩ বছৰ পূৰ্বে বনভূমিখন দখলমুক্ত কৰাৰ পাছত হাতীৰ জাকবোৰ উভতি আহিছে বুলি প্ৰধানমন্ত্রীয়ে শেহতীয়া মন কী বাতত উল্লেখ কৰিছিল।