September 27, 2026 12:44 PM

views 9

অসমৰ সোণাই-ৰূপাই বন্যপ্রাণী অভয়াৰণ্যক মানুহৰ দখল মুক্তৰ পাছত অভয়াৰণ্যখনত অভূতপূর্ব পৰিৱৰ্তন হৈছে বুলি মন কী বাতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উল্লেখ

পাৰিপাৰ্শ্বিকতা সন্দৰ্ভত মত প্রকাশ কৰি কৰি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কি বাত অনুষ্ঠানত কয়, যে পাৰিপাৰ্শ্বিকতাৰ ৰক্ষণাবেক্ষণ মানে অকল গছ-লতা বা জীৱকুলৰ ৰক্ষাই নহয়, বৰং এনে প্রচেষ্টাই সমগ্র জৈৱিক তন্ত্রতো সুদৃঢ় কৰে। দেশৰ বিভিন্ন অংশত অব্যাহত এনে ধৰণৰ প্ৰচেষ্টাৰ বিষয়ে উল্লেখ কৰি শ্রী মোদীয়ে কয়, যে অসমৰ সোণাই-ৰূপাই নামৰ বন্যপ্রাণী অভয়াৰণ্যক তিনি বছৰ পূৰ্বে মানুহৰ দখলৰ পৰা মুক্ত কৰাৰ পাছত অভয়াৰণ্যখনত অভূতপূর্ব পৰিৱৰ্তন হৈছে আৰু অভয়াৰণ্যখনলৈ হাতী পুনৰ উভতি আহিছে।