পাৰিপাৰ্শ্বিকতা সন্দৰ্ভত মত প্রকাশ কৰি কৰি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কি বাত অনুষ্ঠানত কয়, যে পাৰিপাৰ্শ্বিকতাৰ ৰক্ষণাবেক্ষণ মানে অকল গছ-লতা বা জীৱকুলৰ ৰক্ষাই নহয়, বৰং এনে প্রচেষ্টাই সমগ্র জৈৱিক তন্ত্রতো সুদৃঢ় কৰে।
দেশৰ বিভিন্ন অংশত অব্যাহত এনে ধৰণৰ প্ৰচেষ্টাৰ বিষয়ে উল্লেখ কৰি শ্রী মোদীয়ে কয়, যে অসমৰ সোণাই-ৰূপাই নামৰ বন্যপ্রাণী অভয়াৰণ্যক তিনি বছৰ পূৰ্বে মানুহৰ দখলৰ পৰা মুক্ত কৰাৰ পাছত অভয়াৰণ্যখনত অভূতপূর্ব পৰিৱৰ্তন হৈছে আৰু অভয়াৰণ্যখনলৈ হাতী পুনৰ উভতি আহিছে।