October 3, 2026 6:18 PM

views 5

আকাশবাণীৰ ‘মন কি বাত’ অনুষ্ঠানৰ ১২ বছৰ সম্পূৰ্ণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাহেকীয়া অনুষ্ঠান মন কি বাতে আজি ১২ বছৰ সম্পূৰ্ণ কৰিছে। ২০১৪ চনৰ আজিৰ দিনটোতে, বিজয়া দশমী উপলক্ষে মন কী বাতৰ প্ৰথম খণ্ড প্ৰচাৰ কৰা হৈছিল। শেহতীয়াভাৱে মন কী বাতৰ ১৩৮ সংখ্যক খণ্ড প্ৰচাৰ কৰা হৈছে। এই ১২ বছৰত মন কী বাতে দেশৰ বিকাশৰ যাত্ৰাত নাগৰিকসকলক সক্রিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰাৰ লগতে সমগ্ৰ দেশত চলি থকা ইতিবাচক পৰিৱৰ্তনক গুৰুত্ব দিয়াৰ ক্ষেত্ৰত এখন অনন্য মঞ্চ প্ৰদান কৰি আহিছে। এই অনুষ্ঠানৰ জৰিয়তে দেশৰ বিভিন্ন প্ৰান্তত শিক্ষা, স্বাস্থ্যসেৱা, পৰিবেশ সংৰক্ষণ,...

September 29, 2026 4:43 PM

views 7

শোণিতপুৰ জিলাৰ সোণাই-ৰূপাই বন্যপ্রাণী অভয়াৰণ্যৰ বিষয়টো ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ চৰ্চা

শোণিতপুৰ জিলাৰ সোণাই-ৰূপাই বন্যপ্রাণী অভয়াৰণ্যৰ বিষয়টো ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ চৰ্চালৈ আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মন কী বাত অনুষ্ঠানৰ ১৩৮ সংখ্যক খণ্ডত এই বনাঞ্চল আৰু ইয়ালৈ হাতীৰ পুনৰাগমনৰ বিষয়ে উল্লেখ কৰাৰ পাছত প্ৰকৃতিপ্ৰেমীসকলৰ মাজত বিষয়টোৱে পুনৰ চৰ্চা লাভ কৰে। উল্লেখযোগ্য যে বনাঞ্চলখনত মানুহৰ সক্ৰিয়তা বৃদ্ধি পোৱাৰ ফলস্বৰূপে ইয়াৰ পৰা হাতীবোৰ ক্ৰমান্বয়ে আঁতৰি গৈছিল বুলি উল্লেখ কৰি ৩ বছৰ পূৰ্বে বনভূমিখন দখলমুক্ত কৰাৰ পাছত হাতীৰ জাকবোৰ উভতি আহিছে বুলি প্ৰধানমন্ত্রীয়ে শেহ...

September 26, 2026 9:05 PM

views 15

কাইলৈ দিনৰ ১১ বজাত আকাশবাণীৰ ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ ১১ বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১৩৮ সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী-দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেৱছাইট আৰু newsonair মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্রধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰ...

July 13, 2026 12:23 PM

views 16

২৬ জুলাইত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ আকাশবাণীযোগে মন কী বাত অনুষ্ঠান

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অহা ২৬ জুলাইত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ প্ৰকাশ কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১৩৬ সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে তেওঁলোকৰ দিহা-পৰামৰ্শসমূহ ১৮০০-১১-৭৮০০ নম্বৰত ফোন কৰি জনাব পাৰিব। তেওঁলোকে লগতে নবেন্দ্র মোদী অথবা মাই গভ মুকলি মঞ্চৰ জৰিয়তেও নিজৰ পৰামৰ্শ আগবঢ়াব পাৰিব। জনসাধাৰণে ১৯২২ নম্বৰত মিছকল দিয়াৰ পাছত লাভ কৰা এছএমএছ লিংকৰ জৰিয়তেও তেওঁলোকৰ পৰামৰ্শসমূহ পোনপটীয়াকৈ দিব পাৰিব। এই অনুষ্ঠানৰ বাবে অহা ২৪ জুলাই পর্যন্ত জনস...

June 27, 2026 11:48 AM

views 24

কাইলৈ আকাশবাণীৰ জৰিয়তে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ মন কী বাত অনুষ্ঠান

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১৩৫ সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু newsonair মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্রালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব।

December 29, 2025 11:41 AM

views 71

ক্ৰীড়া, বিজ্ঞান পৰীক্ষা আদি বিভিন্ন ক্ষেত্ৰত বিশ্বৰ বুকুত শক্তিশালী চাপ ৰাখিবলৈ ভাৰত সমৰ্থ হৈছে

ভাৰতে চলিত বৰ্ষত ৰাষ্ট্ৰীয় সুৰক্ষাৰ পৰা আৰম্ভ কৰি ক্ৰীড়া, বিজ্ঞান পৰীক্ষা আদি বিভিন্ন ক্ষেত্ৰত বিশ্বৰ বুকুত শক্তিশালী চাপ ৰাখিবলৈ সমৰ্থ হৈছে। আকাশবাণীযোগে প্ৰচাৰিত ১২৯ সংখ্যক মন কী বাত অনুষ্ঠানত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি এই মন্তব্য কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০২৫ বৰ্ষটোত আলোকপাত কৰি কয়, যে এই বছৰটোৱে প্ৰতিজন ভাৰতীয়কে গৌৰৱ কৰিব পৰাকৈ ভালেমান স্মৃতি দি গৈছে। অপাৰেচন সিন্দূৰ প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে গৌৰৱৰ ক্ষণ বুলি প্ৰধানমন্ত্ৰীয়ে মত পোষণ কৰে। তেওঁ বন্দে মাতৰমৰ ১৫০ বছৰ উদযাপনত দেশবাস...

December 28, 2025 6:33 PM

views 48

ভাৰতে চলিত বৰ্ষত উন্নয়নৰ বিভিন্ন ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শক্তিশালী স্থিতিত উপনীত হৈছে বুলি প্রধানমন্ত্ৰীৰ ‘মন কী বাত’ত প্ৰকাশ

ভাৰতে চলিত বৰ্ষত ৰাষ্ট্ৰীয় সুৰক্ষাৰ পৰা ক্ৰীড়া ক্ষেত্ৰলৈকে, বিজ্ঞান পৰীক্ষাগাৰৰ পৰা বৃহৎ মঞ্চলৈকে বিভিন্ন ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত শক্তিশালী স্থিতিত উপনীত হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে। আকাশবাণীযোগে আজি প্ৰচাৰিত ১২৯ সংখ্যক মন কী বাত অনুষ্ঠানত শ্রীমোদীয়ে আজি এই মন্তব্য কৰে। প্রধানমন্ত্ৰীগৰাকীয়ে ২০২৫ বৰ্ষটোৰ বিষয়ে আলোকপাত কৰি কয়, যে বছৰটোৱে প্ৰতিজন ভাৰতীয়কে গৌৰৱ অনুভৱ কৰিব পৰাকৈ যথেষ্ট স্মৃতি দি গৈছে। অপাৰেচন সিন্দুৰ প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে গৌৰৱ কৰিব পৰা আট...

November 27, 2025 3:47 PM

views 69

দেওবাৰে আকাশবাণীৰ ১২৮ সংখ্যক খণ্ডৰ মন কী বাত অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১২৮ সংখ্যক খণ্ড। জনসাধাৰণে ১৮০০ ১১ ৭৮০০ শুল্ক বিহীন নম্বৰত ফোন কৰি এই অনুষ্ঠানৰ বাবে নিজৰ মতামত আৰু পৰামৰ্শ প্ৰেৰণ কৰিব পাৰিব। নমো এপ নাইবা মাই গ’ভ মুকলি মঞ্চ অথবা ১৯২২ নম্বৰত মিছডকল দিয়াৰ পাছত লাভ কৰা লিংকৰ জৰিয়তেও জনসাধাৰণে কাইলৈ পৰ্যন্ত দিহা-পৰামৰ্শ আগবঢ়াব পাৰিব।

September 16, 2025 1:19 PM

views 54

ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰৰ আজিৰে পৰা মন কী বাত শীৰ্ষক এখন কলা প্ৰদৰ্শনীৰ আয়োজন

নতুন দিল্লীত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰই আজিৰে পৰা মন কী বাত শীৰ্ষক এখন কলা প্ৰদৰ্শনীৰ আয়োজন কৰিছে। এই প্রদর্শনীখনত প্ৰখ্যাত শিল্পী মনজিৎ সিঙে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ আকাশবাণীযোগে প্ৰচাৰ কৰা মন কী বাত অনুষ্ঠানৰ অনুপ্ৰেৰণাত এখন চিত্র শৃংখলা প্ৰদৰ্শন কৰিব। অধ্যাপিকা ৰীচা কাম্বজৰ তত্বাৱধানত অনুষ্ঠিত এই প্ৰদৰ্শনী কাইলৈৰ পৰা ২২ ছেপ্তেম্বৰলৈ জনসাধাৰণৰ বাবে মুকলি থাকিব।

August 31, 2025 9:35 PM

views 58

দেশে স্থানীয় সামগ্ৰীৰ ব্যৱহাৰত উদগণি যোগোৱা ভোকেল ফৰ লোকেল, আত্মনিৰ্ভৰ ভাৰত আৰু বিকশিত ভাৰতৰ মন্ত্ৰৰে আগবঢ়া উচিতঃ প্রধানমন্ত্ৰী

দেশে স্থানীয় সামগ্ৰীৰ ব্যৱহাৰত উদগণি যোগোৱা ভোকেল ফৰ লোকেল, আত্মনিৰ্ভৰ ভাৰত আৰু বিকশিত ভাৰতৰ মন্ত্ৰৰে আগবঢ়া উচিত বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। আকাশবাণীৰ মন কী বাত অনুষ্ঠানত শ্ৰীমোদীয়ে আজি কয়, যে উৎসৱৰ বতৰত দেশবাসীয়ে স্বদেশী সামগ্ৰীৰ কথা পাহৰা উচিত নহয়। জীৱনৰ সৈতে জড়িত সকলো সামগ্রী স্বদেশী হ'ব লাগে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ উৎসৱৰ আনন্দৰ মাজত পৰিস্কাৰ-পৰিচ্ছন্নতাৰ দিশটোৰ প্ৰতিও গুৰুত্ব দিবলৈ জনসাধাৰণক আহ্বান জনায়। এইবাৰ বাৰিষা কালত প্ৰাকৃতিক বিপর্যয়ে যেন ...