July 13, 2026 12:23 PM | Maan ki Baat

printer

২৬ জুলাইত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ আকাশবাণীযোগে মন কী বাত অনুষ্ঠান

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অহা ২৬ জুলাইত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ প্ৰকাশ কৰিব। এয়া হ’ব অনুষ্ঠানটোৰ ১৩৬ সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে তেওঁলোকৰ দিহা-পৰামৰ্শসমূহ ১৮০০-১১-৭৮০০ নম্বৰত ফোন কৰি জনাব পাৰিব। তেওঁলোকে লগতে নবেন্দ্র মোদী অথবা মাই গভ মুকলি মঞ্চৰ জৰিয়তেও নিজৰ পৰামৰ্শ আগবঢ়াব পাৰিব। জনসাধাৰণে ১৯২২ নম্বৰত মিছকল দিয়াৰ পাছত লাভ কৰা এছএমএছ লিংকৰ জৰিয়তেও তেওঁলোকৰ পৰামৰ্শসমূহ পোনপটীয়াকৈ দিব পাৰিব। এই অনুষ্ঠানৰ বাবে অহা ২৪ জুলাই পর্যন্ত জনসাধাৰণে দিহা-পৰামৰ্শসমূহ আগবঢ়াব পাৰিব।