প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাহেকীয়া অনুষ্ঠান মন কি বাতে আজি ১২ বছৰ সম্পূৰ্ণ কৰিছে। ২০১৪ চনৰ আজিৰ দিনটোতে, বিজয়া দশমী উপলক্ষে মন কী বাতৰ প্ৰথম খণ্ড প্ৰচাৰ কৰা হৈছিল।
শেহতীয়াভাৱে মন কী বাতৰ ১৩৮ সংখ্যক খণ্ড প্ৰচাৰ কৰা হৈছে। এই ১২ বছৰত মন কী বাতে দেশৰ বিকাশৰ যাত্ৰাত নাগৰিকসকলক সক্রিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰাৰ লগতে সমগ্ৰ দেশত চলি থকা ইতিবাচক পৰিৱৰ্তনক গুৰুত্ব দিয়াৰ ক্ষেত্ৰত এখন অনন্য মঞ্চ প্ৰদান কৰি আহিছে।
এই অনুষ্ঠানৰ জৰিয়তে দেশৰ বিভিন্ন প্ৰান্তত শিক্ষা, স্বাস্থ্যসেৱা, পৰিবেশ সংৰক্ষণ, উদ্ভাৱন আৰু সমাজ সেৱাকে ধৰি বিভিন্ন দিশত পৰিৱৰ্তনৰ সূচনা কৰা নাগৰিকসকলৰ প্ৰেৰণাদায়ক কাহিনী আলোচনা কৰা হয়।
মন কী বাত আকাশবাণী আৰু দূৰদৰ্শনৰ লগতে এ আই আৰ নিউজ ৱেবচাইট আৰু নিউজ অন এ আই আৰ মবাইল এপতো উপলব্ধ। অনুষ্ঠানটো এ আই আৰ নিউজ, ডিডি নিউজ, দ্য পি এম অৰ লগতে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউ টিউব চেনেলতো পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হয়।