ইউৰোপৰ দেশ লিস্টেনষ্টাইনৰ ভাৰপ্ৰাপ্ত মুৰববী প্রিন্স এল’ইছ চাৰিদিনীয়া ভ্রমণসূচীৰে ভাৰতলৈ আহিব

ইউৰোপৰ দেশ লিস্টেনষ্টাইনৰ ভাৰপ্ৰাপ্ত মুৰববী প্রিন্স এলইছ চাৰিদিনীয়া ভ্রমণসূচীৰে আজি ভাৰতলৈ আহিব। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ আমন্ত্রণ ক্ৰমে পত্নী প্রিন্সেছ ছ’ফীৰ সৈতে ভাৰতলৈ অহা প্রিন্স এলইছ ২৮ অক্টোবৰলৈকে নতুন দিল্লীত থাকিব। তেওঁৰ সৈতে দেশখনৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াৰ লগতে উদ্যোগপতি-ব্যৱসায়ীৰ এটা দলো আহিছে।

এই ভ্রমণকালত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু প্রিন্স এল’ইছ বিভিন্ন বিষয়ৰ সহযোগিতাক লৈ গুৰুত্বপূর্ণ দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। এই আলোচনাত ব্যৱসায়, বিনিয়োগ, বিজ্ঞান, প্রযুক্তি, উদ্ভাবন, গণসংযোগ আদি বিভিন্ন বিষয়ে স্থান পাব। নেতা দুগৰাকীয়ে বিভিন্ন আঞ্চলিক আৰু বৈশ্বিক পৰিস্থিতি সন্দর্ভতো মত-বিনিময় কৰিব।

প্রিন্স এলইছে ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুৰ্মুকো সাক্ষাৎ কৰিব। ৰাষ্ট্ৰপতি শ্রীমতী মুর্মুৱে অতিথি ৰাষ্ট্রনেতাগৰাকীৰ সন্মানাৰ্থে চৰকাৰী ভোজমেলৰ আয়োজন কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰেও প্রিন্স এলাইছক সাক্ষাৎ কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ে প্রকাশ কৰা অনুসৰি এই ভ্রমণে ভাৰত আৰু লিস্টেনষ্টাইনৰ মাজত বর্ধিত সম্পর্কক অধিক গতি দিয়াৰ আশা আছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।