কোকৰাঝাৰৰ গোসাইগাঁৱৰ মতিঝোৰাৰ ঘন অৰণ্যত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্র-সস্ত্ৰ আৰু গুলী-বাৰুদ উদ্ধাৰ

অসম আৰক্ষীয়ে ৰাজ্যত উগ্রপন্থীৰ সমস্যা সম্পূৰ্ণৰূপে নির্মূল কৰাৰ লক্ষ্যৰে অভিযান অব্যাহত ৰাখিছে। আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি কোকৰাঝাৰৰ গোসাইগাঁৱৰ মতিঝোৰাৰ ঘন অৰণ্যত অভিযান চলাই অলপতে এন এছ এল এ লুকাই থোৱা বৃহৎ পৰিমাণৰ অস্ত্র-সস্ত্ৰ আৰু গুলী-বাৰুদ উদ্ধাৰ কৰে।

উদ্ধাৰ কৰা অস্ত্র-সস্ত্ৰৰ ভিতৰত ৬.৫ কিলোগ্রাম আই ই ডি, ছেভেন পইন্ট 6-5 MM পিষ্টল, ছাৰে ছয় কিলোগ্রাম টি এন টি বিস্ফোৰক পাউডাৰ আৰু ১০ ডাল ডিটনেটৰ আছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰে। তেওঁ কয়, যে বি টি আৰত শান্তি আৰু নিৰাপত্তা সুনিশ্চিত কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ।