ৰাজ্যৰ উচ্চ শিক্ষা খণ্ডক অধিক শক্তিশালী আৰু সময় উপযোগী কৰি তোলাৰ লক্ষ্যৰে বিশ্ববিদ্যালয়সমূহক প্রতিষ্ঠানভিত্তিক কাৰ্য পৰিকল্পনা যুগুত কৰিবলৈ মুখ্য সচিব ৰবি কোটাৰ নিৰ্দেশ

ৰাজ্যৰ উচ্চ শিক্ষা খণ্ডক অধিক শক্তিশালী আৰু সময় উপযোগী কৰি তোলাৰ লক্ষ্যৰে বিশ্ববিদ্যালয়সমূহক প্রতিষ্ঠানভিত্তিক কাৰ্য পৰিকল্পনা যুগুত কৰিবলৈ মুখ্য সচিব ৰবি কোটাই নিৰ্দেশ দিছে।

উচ্চ শিক্ষা বিভাগৰ জ্যেষ্ঠ বিষয়া আৰু ৰাজ্যৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ সৈতে অনুষ্ঠিত বৈঠকত কালি মুখ্য সচিবগৰাকীয়ে এই নির্দেশ দিয়ে।

পঞ্চম ৰাষ্ট্ৰীয় মুখ্য সচিব সন্মিলনত উচ্চ শিক্ষা : জ্ঞান অর্থনীতি বিষয়ক আলোচনাৰ পৰা উদ্ভৱ হোৱা ২৮ টা কাৰ্যসূচী ৰাজ্যত ৰূপায়ণৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ উদ্দেশ্যে এই বৈঠক অনুষ্ঠিত হয়। বৈঠকত বিশ্ববিদ্যালয়সমূহৰ শৈক্ষিক আৰু প্ৰশাসনিক সক্ষমতা বৃদ্ধি, শিক্ষক-কর্মচাৰীৰ সামৰ্থ উন্নয়ন, গৱেষণা আৰু উদ্ভাৱনক উৎসাহিত কৰা, উদ্যোগ আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ মাজত সহযোগিতা বৃদ্ধি, দক্ষতাভিত্তিক শিক্ষা সম্প্ৰসাৰণ আৰু ডিজিটেল ৰূপান্তৰ ত্বৰান্বিত কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হয়।

মুখ্য সচিব ৰবি কোটাই বিশ্ববিদ্যালয়সমূহক কেৱল চৰকাৰী নিৰ্দেশনা পালনতে সীমাবদ্ধ নাথাকি প্ৰতিষ্ঠানৰ নিজস্ব প্রয়োজন আৰু সম্ভাৱনাৰ আধাৰত স্পষ্ট অগ্ৰাধিকাৰ, লক্ষ্য আৰু নিৰ্দিষ্ট সময়সীমা নিৰ্ধাৰণ কৰি পৰিকল্পনা প্ৰস্তুত কৰিবলৈ আহ্বান জনায়।