আকাশবাণীয়ে প্ৰতিবছৰে অনুষ্ঠিত কৰা চৰ্দাৰ বল্লভ ভাই পেটেল বক্তৃতামালাৰ ৬৭ সংখ্যক সংস্কৰণ কাইলৈ অনুষ্ঠিত হ’ব। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে ভাষণ দিব।
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে জনোৱা অনুসৰি এই বক্তৃতাৰ বাণীবদ্ধ ৰূপ আকাশবাণীৰ সকলো নেটৱৰ্কযোগে চৰ্দাৰ পেটেল জয়ন্তী উপলক্ষে অহা ৩১ অক্টোবৰত প্ৰচাৰ কৰা হ’ব। ভাৰতৰ প্ৰথমগৰাকী উপ প্রধানমন্ত্ৰী আৰু তথ্য সম্প্ৰচাৰ মন্ত্ৰী চৰ্দাৰ বল্লভ ভাই পেটেলৰ সোঁৱৰণত আকাশবাণীয়ে ১৯৫৫ চনৰ পৰা প্ৰতিবছৰে বাৰ্ষিক চৰ্দাৰ বল্লভ ভাই পেটেল বক্তৃতামালাৰ আয়োজন কৰি আহিছে।
কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজনাথ সিঙে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰয়াত পিতৃৰ বিষয়ে কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গে তোলা অভিযোগক গৰিহণা দিছে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্রীসিঙে কয়, যে আদৰ্শৰ বিৰোধিতাক ব্যক্তিগত অপমানলৈ ৰূপান্তৰিত কৰা আৰু ৰাজনৈতিক মতানৈক্যৰ ক্ষেত্ৰত অশালীন ভাষা ব্যৱহাৰ কৰি প্ৰধানমন্ত্ৰীৰ পৰিয়ালক লক্ষ্য কৰি লোৱা ঘটনাই কংগ্ৰেছৰ হতাশাক প্রতিফলিত কৰিছে।
তেওঁ লগতে কয় যে এয়া কেৱল কোনো ব্যক্তি বা পৰিয়ালক কৰা অপমানেই নহয় বৰঞ্চ ভাৰতীয় ৰাজনীতিৰ মৰ্যাদাৰ ওপৰত কৰা আক্ৰমণ। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে কংগ্ৰেছৰ ৰাজনৈতিক পতনৰ লগতে আদর্শগতভাৱেও সম্পূৰ্ণৰূপে পতন ঘটিছে।