অসম কৃষি বিশ্ববিদ্যালয়ৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰ, চিলঙনীত আজি সৰিয়হ খেতিৰ মেগা প্রকল্পৰ চতুৰ্থ পৰ্যায়ৰ উদ্বোধনী তথা অংশীদাৰসকলৰ সভা অনুষ্ঠিত হয়। এই অনুষ্ঠানত কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই ভার্চুৱেলী অংশগ্ৰহণ কৰে।
অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ দীপজ্যোতি ৰাজখোৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাত সাংসদ দেৱাশীষ শৰ্মা, বিধায়কদ্বয় ৰূপক শৰ্মা আৰু শিলাদিত্য দেৱে অংশ লৈ কৃষকসকলৰ সৈতে সৰিয়হ আৰু আন খেতি সন্দৰ্ভত আলোচনা কৰে।
সভাত নগাঁও জিলাৰ আয়ুক্ত আৰণ্যক শইকীয়া, ভাৰতীয় সৰিয়হ গৱেষণা প্ৰতিষ্ঠানৰ প্ৰধান বিজ্ঞানী ড০ অশোক কুমাৰ শৰ্মা, অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ কৃষি সঞ্চালক ড০ মনোৰঞ্জন নেওগ আৰু কৃষি গৱেষণা সঞ্চালক ড০ সঞ্জয় কুমাৰ চেতিয়া উপস্থিত থাকে। উল্লেখযোগ্য যে প্ৰকল্পটোৰ চতুৰ্থ পৰ্যায়ত ৰাজ্যৰ বিভিন্ন জিলাত মুঠ এহেজাৰ হেক্টৰ ভূমিত উন্নত জাতৰ সৰিয়হ খেতিৰ প্ৰদৰ্শনমূলক কাৰ্যসূচী ৰূপায়ণৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে।