July 20, 2026 7:07 PM

views 16

অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত ডিব্ৰুগড়ত বীজ আৰু ৰোপন সামগ্ৰীৰ আনুষ্ঠানিক বিতৰণ কাৰ্যসূচী

কৃষি ক্ষেত্ৰত উৎপাদন বৃদ্ধি, মাহজাতীয় শস্যৰ ক্ষেত্ৰত স্বাৱলম্বিতা অর্জন আৰু উদ্যান শস্যৰ সম্প্ৰসাৰণৰ লক্ষ্যৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত আজি কৃষি বিজ্ঞান কেন্দ্র, ডিব্ৰুগড়ত বীজ আৰু ৰোপন সামগ্ৰীৰ আনুষ্ঠানিক বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। কৃষি বিজ্ঞান কেন্দ্ৰ, ডিব্ৰুগড়ৰ মুৰববী ড০ দেৱজিৎ‍ বৰঠাকুৰে উদ্দেশ্য বাখ্যা কৰা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি খোৱাং সমষ্টিৰ বিধায়ক চক্র গগৈয়ে কয় যে, কৃষকৰ পৰিয়ালৰ সদস্য হিচাপে কৃষকৰ লগত সময় কটাবলৈ তেওঁ সদায় ভাল পায়। তেওঁ কৃষক সকলক আত্মসন্মান ...

July 17, 2026 12:17 PM

views 29

কাজী নেমুৰ সংৰক্ষণ ক্ষমতা অক্ষুন্ন ৰাখিব পৰা অভিনৱ প্ৰযুক্তি উদ্ভাৱন কৰি অসম কৃষি বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় চৰকাৰৰ পেটেণ্ট লাভ

অসমৰ ভৌগোলিক স্বীকৃতিপ্রাপ্ত কাজী নেমুৰ সংৰক্ষণ ক্ষমতা আৰু সতেজতা দীৰ্ঘদিনলৈ অক্ষুন্ন ৰাখিব পৰা এটা অভিনৱ প্ৰযুক্তি উদ্ভাৱণ কৰি অসম কৃষি বিশ্ববিদ্যালয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা পেটেণ্ট অর্থাৎ‍ কৃতিস্বত্ব লাভ কৰিছে। যোৱা ৩ জুলাইত পেটেণ্ট কার্যালয়ে বিশ্ববিদ্যালয়খনৰ এই উদ্ভাৱণক স্বীকৃতি প্ৰদান কৰে। বিশ্ববিদ্যালয়খনৰ বিজ্ঞানীসকলে উদ্ভাৱণ কৰা এই লা-ৰেজিন ভিত্তিক খাব পৰা প্ৰলেপ কাজি নেমুৰ ওপৰত ব্যৱহাৰ কৰিলে ফলৰ পৰা পানীৰ বাষ্পীভৱন কম হয় আৰু শ্বসন প্ৰক্ৰিয়া নিয়ন্ত্রিত থাকে। ফলত কাজি নেমুৰ সতেজতা আৰু...

July 13, 2026 6:35 PM

views 9

অসম কৃষি বিশ্ববিদ্যালয়ৰ ২০২৬-২৭ শিক্ষাবৰ্ষৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে সাধাৰণ প্ৰৱেশ পৰীক্ষা অহা ১৮ জুলাইত অনুষ্ঠিত হ’ব

অসম কৃষি বিশ্ববিদ্যালয়ৰ ২০২৬-২৭ শিক্ষাবৰ্ষৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে সাধাৰণ প্ৰৱেশ পৰীক্ষা অহা ১৮ জুলাইত অনুষ্ঠিত হ'ব। এই পৰীক্ষা ৰাজ্যৰ মুঠ ১৮ টা কেন্দ্র ক্রমে গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, তেজপুৰ আৰু কোকৰাঝাৰত তিনিটা পর্যায়ত অনুষ্ঠিত হ'ব। আবেদনকাৰীসকলে তেওঁলোকৰ প্ৰৱেশ পত্ৰসমূহ বিশ্ববিদ্যালয়ৰ ৱেবছাইট www.aau.ac.inৰ পৰা ডাউনলোড কৰিব পাৰিব। বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক দামোদৰ বৰ্মনৰ দ্বাৰা স্বাক্ষৰিত এটা প্ৰেছ বার্তাযোগে বিশ্ববিদ্যালয় কর্তৃপক্ষই জনাইছে যে, বিশেষ কাৰিকৰী কাৰণত গুৱা...

December 5, 2025 7:23 PM

views 43

কাজি নেমুৰ ৰস সংৰক্ষণৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষক বিজ্ঞানীসকলৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ

ৰাজ্যৰ জাতীয় ফল ৰূপে স্বীকৃতি লাভ কৰা কাজি নেমুৰ ৰস সংৰক্ষণৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষক বিজ্ঞানীসকলে উদ্ভাৱন কৰা বিশেষ প্রযুক্তি কৌশলৰ বাণিজ্যিক উৎপাদনৰ এখন বুজাবুজিৰ চুক্তি আজি স্বাক্ষৰ কৰা হয়। কৃষি বিশ্ববিদ্যালয়খনৰ কৃষি গবেষণা সঞ্চালকৰ কাৰ্যালয়ত আয়োজিত এটা অনুষ্ঠানত ত্রিনিতি ফুক্তা প্রাইভেট লিমিটেডৰ সৈতে এই চুক্তি স্বাক্ষৰ কৰা হয়। কৃষি গৱেষণা সঞ্চালক ড° সঞ্জয় কুমাৰ চেতিয়া আৰু কোম্পানীটোৰ হৈ ড° কে. এন. সিঙে এই চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিৰ জৰিয়তে কাজি নেমুৰ ৰস উৎপাদন কৰি স্থানীয় কৃষক...

September 9, 2025 7:16 PM

views 50

অসম কৃষি বিশ্ববিদ্যালয়ত মহিলা কৃষকৰ বাবে অনুষ্ঠিত শিক্ষামূলক ভ্ৰমণ আৰু কৃষি প্ৰশিক্ষণৰ সামৰণি

মটক স্বায়ত্ত শাসিত পৰিষদৰ কৃষি বিভাগৰ উদ্যোগত অসম কৃষি বিশ্ববিদ্যালয়ত মহিলা কৃষকৰ বাবে দুদিনীয়াকৈ অনুষ্ঠিত শিক্ষামূলক ভ্ৰমণ আৰু কৃষি প্ৰশিক্ষণৰ আজি সামৰণি পৰে। এই প্ৰশিক্ষণত মটক জনগোষ্ঠীৰ ৪০গৰাকী মহিলা কৃষকে অংশগ্ৰহণ কৰে। প্ৰশিক্ষণৰ অন্তত আজি অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি প্রযুক্তি তথ্য কেন্দ্ৰত সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড০ ৰঞ্জিত কুমাৰ সাউদে কৃষি প্ৰযুক্তিৰ তথ্য আহৰণ কৰি অধিক উন্নয়নৰ বাবে এনে ধৰণৰ প্ৰশিক্ষণে উৎসাহিত কৰিব বু...

April 9, 2025 7:01 PM

views 45

অসম কৃষি বিশ্ববিদ্যালয়ৰ ২৫ সংখ্যক সমাৱৰ্তন সমাৰোহ অনুষ্ঠিত

অসম কৃষি বিশ্ববিদ্যালয়ৰ ২৫ সংখ্যক সমাৱৰ্তন সমাৰোহ আজি বিশ্ববিদ্যালয়খনৰ যোৰহাটৰ মূল চৌহদত অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যৰ পৌৰোহিত্যত অনুষ্ঠিত এই সমাৰোহত অসম কৃষি আয়োগৰ অধ্যক্ষ ড° হৰিশংকৰ গুপ্তাই সমাৱৰ্তনত ভাষণ দিয়ে। সমাৱৰ্তনত অৰণ্য মানৱ যাদৱ পায়েং আৰু গ্ৰীণ অস্কাৰ বিজয়ী পূর্ণিমা দেৱী বৰ্মনক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয় ৷ অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ অধীনত ৯খন মহাবিদ্যালয়ৰ পৰা স্নাতক, স্নাতকোত্তৰ ডিগ্ৰী আৰু পি এইছ ডি লাভ কৰা ৫৪৮গৰাকী শিক্...