অসমৰ ভৌগোলিক স্বীকৃতিপ্রাপ্ত কাজী নেমুৰ সংৰক্ষণ ক্ষমতা আৰু সতেজতা দীৰ্ঘদিনলৈ অক্ষুন্ন ৰাখিব পৰা এটা অভিনৱ প্ৰযুক্তি উদ্ভাৱণ কৰি অসম কৃষি বিশ্ববিদ্যালয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা পেটেণ্ট অর্থাৎ কৃতিস্বত্ব লাভ কৰিছে। যোৱা ৩ জুলাইত পেটেণ্ট কার্যালয়ে বিশ্ববিদ্যালয়খনৰ এই উদ্ভাৱণক স্বীকৃতি প্ৰদান কৰে।
বিশ্ববিদ্যালয়খনৰ বিজ্ঞানীসকলে উদ্ভাৱণ কৰা এই লা-ৰেজিন ভিত্তিক খাব পৰা প্ৰলেপ কাজি নেমুৰ ওপৰত ব্যৱহাৰ কৰিলে ফলৰ পৰা পানীৰ বাষ্পীভৱন কম হয় আৰু শ্বসন প্ৰক্ৰিয়া নিয়ন্ত্রিত থাকে। ফলত কাজি নেমুৰ সতেজতা আৰু সংৰক্ষণ ক্ষমতা বৃদ্ধি পায়। এই প্রলেপ সম্পূর্ণ প্রাকৃতিক উপাদানেৰে প্ৰস্তুত হোৱা বাবে ই খাদ্য সুৰক্ষা ক্ষেত্ৰতো নিৰাপদ।
ৰাজ্যৰ কৃষিমন্ত্রী পীযুষ হাজৰিকাই সামাজিক মাধ্যম যোগে কালি বিশ্ববিদ্যালয়খনৰ এই গুৰুত্বপূৰ্ণ সফলতাক প্ৰশংসা কৰাৰ লগতে পেটেণ্ট লাভৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটোৰ সৈতে জড়িত প্ৰতিগৰাকী বিজ্ঞানী তথা বিশেষজ্ঞলৈ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে।
মন্ত্ৰীগৰাকীয়ে কয়, যে বিশ্ববিদ্যালয়খনৰ এই সাফল্য ৰাজ্যখনৰ কৃষি গৱেষণা ক্ষেত্ৰৰ বাবে উল্লেখযোগ্য অগ্রগতি। এই উদ্ভাৱনে কাজিনেমুৰ বাণিজ্যিক দিশটোক নতুন গতি প্ৰদান কৰিব বুলি তেওঁ আশা ব্যক্ত
কৰে।