মটক স্বায়ত্ত শাসিত পৰিষদৰ কৃষি বিভাগৰ উদ্যোগত অসম কৃষি বিশ্ববিদ্যালয়ত মহিলা কৃষকৰ বাবে দুদিনীয়াকৈ অনুষ্ঠিত শিক্ষামূলক ভ্ৰমণ আৰু কৃষি প্ৰশিক্ষণৰ আজি সামৰণি পৰে। এই প্ৰশিক্ষণত মটক জনগোষ্ঠীৰ ৪০গৰাকী মহিলা কৃষকে অংশগ্ৰহণ কৰে। প্ৰশিক্ষণৰ অন্তত আজি অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি প্রযুক্তি তথ্য কেন্দ্ৰত সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড০ ৰঞ্জিত কুমাৰ সাউদে কৃষি প্ৰযুক্তিৰ তথ্য আহৰণ কৰি অধিক উন্নয়নৰ বাবে এনে ধৰণৰ প্ৰশিক্ষণে উৎসাহিত কৰিব বুলি আশা প্রকাশ কৰে। গ্ৰাম্য অৰ্থনীতিৰ সবলীকৰণৰ বাবে কৃষিক্ষেত্ৰত মহিলাৰ অংশগ্রহণ অধিক হোৱাটো প্রয়োজন বুলিও তেওঁ মন্তব্য কৰে।
Assamese | September 9, 2025 7:16 PM | Assam agriculture university
অসম কৃষি বিশ্ববিদ্যালয়ত মহিলা কৃষকৰ বাবে অনুষ্ঠিত শিক্ষামূলক ভ্ৰমণ আৰু কৃষি প্ৰশিক্ষণৰ সামৰণি