ৰাজ্যৰ জাতীয় ফল ৰূপে স্বীকৃতি লাভ কৰা কাজি নেমুৰ ৰস সংৰক্ষণৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষক বিজ্ঞানীসকলে উদ্ভাৱন কৰা বিশেষ প্রযুক্তি কৌশলৰ বাণিজ্যিক উৎপাদনৰ এখন বুজাবুজিৰ চুক্তি আজি স্বাক্ষৰ কৰা হয়। কৃষি বিশ্ববিদ্যালয়খনৰ কৃষি গবেষণা সঞ্চালকৰ কাৰ্যালয়ত আয়োজিত এটা অনুষ্ঠানত ত্রিনিতি ফুক্তা প্রাইভেট লিমিটেডৰ সৈতে এই চুক্তি স্বাক্ষৰ কৰা হয়। কৃষি গৱেষণা সঞ্চালক ড° সঞ্জয় কুমাৰ চেতিয়া আৰু কোম্পানীটোৰ হৈ ড° কে. এন. সিঙে এই চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিৰ জৰিয়তে কাজি নেমুৰ ৰস উৎপাদন কৰি স্থানীয় কৃষকক স্বাৱলম্বী কৰিব পৰা হ’ব বুলি বিশ্ববিদ্যালয় কর্তৃপক্ষই আশা প্রকাশ কৰিছে। কোনো ধৰণৰ সংৰক্ষকৰ অবিহনে এই প্ৰযুক্তিৰ জৰিয়তে প্রায় দুবছৰলৈকে কাজি নেমুৰ ৰস সংৰক্ষণ কৰি শীতল পানীয়ৰ দৰে ব্যৱহাৰ কৰিব পৰা হ’ব বুলি গৱেষকসকলে জানিবলৈ দিছে।
Assamese | December 5, 2025 7:23 PM | Assam agriculture university
কাজি নেমুৰ ৰস সংৰক্ষণৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষক বিজ্ঞানীসকলৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ