কৃষি ক্ষেত্ৰত উৎপাদন বৃদ্ধি, মাহজাতীয় শস্যৰ ক্ষেত্ৰত স্বাৱলম্বিতা অর্জন আৰু উদ্যান শস্যৰ সম্প্ৰসাৰণৰ লক্ষ্যৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত আজি কৃষি বিজ্ঞান কেন্দ্র, ডিব্ৰুগড়ত বীজ আৰু ৰোপন সামগ্ৰীৰ আনুষ্ঠানিক বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। কৃষি বিজ্ঞান কেন্দ্ৰ, ডিব্ৰুগড়ৰ মুৰববী ড০ দেৱজিৎ বৰঠাকুৰে উদ্দেশ্য বাখ্যা কৰা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি খোৱাং সমষ্টিৰ বিধায়ক চক্র গগৈয়ে কয় যে, কৃষকৰ পৰিয়ালৰ সদস্য হিচাপে কৃষকৰ লগত সময় কটাবলৈ তেওঁ সদায় ভাল পায়। তেওঁ কৃষক সকলক আত্মসন্মান অক্ষুণ্ণ ৰাখি আধুনিক কৃষি পদ্ধতি গ্ৰহণ কৰিবলৈ আহ্বান জনায়। নতুন প্ৰজন্মই কৃষিৰ প্ৰতি আগ্ৰহী হৈ উন্নত বীজ, আধুনিক প্রযুক্তি আৰু বিজ্ঞান সন্মত কৃষি পদ্ধতিৰ জৰিয়তে উৎপাদন বৃদ্ধি কৰিব লাগিব বুলিও তেওঁ কয়। চৰকাৰী আঁচনিৰ সুবিধা লাভৰ বাবে কৃষক পঞ্জীয়ন কৰাৰ বিষয়তো তেওঁ গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত ভাষণ দি অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড০ ৰঞ্জিত কুমাৰ সাউদে কয় যে ৰাজ্যখনক মাহজাতীয় শস্য উৎপাদনত আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ বিশ্ববিদ্যালয়ে বিশেষ অভিযান ৰূপায়ন কৰিছে। এই উদ্দেশ্যে কৃষক সকলৰ মাজত উন্নত মানৰ বীজ আৰু অন্যান্য কৃষিজাত সামগ্ৰীৰ বিতৰণো কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। আত্মনিৰ্ভৰ ভাৰত আৰু আত্মনিৰ্ভৰ অসম গঢ়াৰ ক্ষেত্ৰত অসম কৃষি বিশ্ববিদ্যালয়ে বিজ্ঞান ভিত্তিক কৃষি সম্প্ৰসাৰণ কাৰ্যসূচীৰ জৰিয়তে কৃষি খণ্ডৰ অধিক শক্তিশালী কৰি তোলাৰ প্ৰয়াস অব্যাহত ৰাখিছে বুলিও তেওঁ উল্লেখ কৰে।
00000