দেশৰ আন অংশৰ লগতে অসমত ২৫ জানুৱাৰীত লোক-পিয়লৰ অন্তিম পৰ্যায় আৰম্ভ হ’ব। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই সন্দৰ্ভত প্রয়োজনীয় অধিসূচনা জাৰি কৰিছে। অন্তিম পৰ্য্যায়ৰ লোক-পিয়লতো স্ব-গণনাৰ সুবিধা উপলব্ধ হ’ব। অসমত ১০ জানুৱাৰীৰ পৰা ২৪ জানুৱাৰী পৰ্য্যন্ত এই সুবিধা মুকলি থাকিব। ২৫ জানুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ গণনাকাৰী বিষয়া ঘৰে ঘৰে যাব। ইয়াৰ বাবে ৯৭ হাজাৰৰো অধিক বিষয়া-কৰ্মচাৰীক গণনাকাৰী বিষয়া হিচাপে নিয়োজিত কৰা হৈছে।
তেওঁ কয়, যে চূড়ান্ত লোকপিয়লৰ বাবে ১২ অক্টোবৰত ইতিমধ্যে ৰাজ্যিক পৰ্য্যায়ৰ প্ৰশিক্ষণ সম্পন্ন হৈছে। ২৯ অক্টোবৰৰ পৰা ১০ দিনীয়া কাৰ্য্যসূচীৰে কাৰ্য্যবাহী দণ্ডাধীশ পৰ্য্যায়ৰ বিষয়াসকলৰ প্ৰশিক্ষণ চলি আছে আৰু ১৭ নবেম্বৰৰ পৰা ২০ নবেম্বৰলৈকে মুখ্য প্ৰশিক্ষকৰ প্ৰশিক্ষণ চলিব বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।
নবেম্বৰৰ শেষভাগৰ পৰা ডিচেম্বৰৰ প্ৰথম সপ্তাহ পৰ্য্যন্ত ক্ষেত্ৰ প্ৰশিক্ষকৰ প্ৰশিক্ষণ চলিব বুলিও তেওঁ প্ৰকাশ কৰে। ইয়াৰ পাছতে গণনাকাৰী বিষয়াসকলৰ প্ৰশিক্ষণ অনুষ্ঠিত হব। উল্লেখযোগ্য যে, এইবাৰ দেশত লোকপিয়লৰ অধীনত প্ৰথমবাৰৰ বাবে জাতি পিয়ল অনুষ্ঠিত কৰা হ’ব।