August 18, 2026 8:23 PM

views 36

লোকপিয়ল ২০২৭-ৰ বাবে গণনাকাৰী বিষয়াসকলৰ প্রতিটো পৰিয়ালৰ পৰা তথ্য সংগ্ৰহ

ৰাজ্যত কালিৰে পৰা লোকপিয়ল ২০২৭-ৰ বাবে গণনাকাৰী বিষয়াসকলে প্রতিটো পৰিয়ালৰ পৰা তথ্য সংগ্ৰহ কৰিছে। এই প্রক্রিয়া ১৫ ছেপ্তেম্বৰ পৰ্যন্ত চলিব। জনসাধাৰণে স্ব-গণনা প্রক্রিয়াত লাভ কৰা পৰিচয় গণনাকাৰী বিষয়াসকলক প্ৰদান কৰিব লাগিব। এই প্ৰক্ৰিয়াত ৮৫ হাজাৰ গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। দক্ষিণ শালমাৰা মানকাচৰ জিলাতো প্রথম পৰ্যায়ৰ জন গণনাৰ কাম কালি আৰম্ভ হয়। জন গণনাৰ জিলা মুখ্য প্রশিক্ষক ৰফিউল আলম আহমেদে প্ৰকাশ কৰা মতে এই পর্যায়ত জিলাখনৰ বাসগৃহৰ সংখ্যা, ঘৰসমূহৰ ব্যৱহাৰৰ ধৰণ, পৰিয়ালৰ তথ্য, নিৰ্মাণৰ শৈলী, বাহন আৰ...

August 3, 2026 1:16 PM

views 38

ৰাজ্যত ২০২৭ বৰ্ষৰ লোকপিয়লৰ স্ব-গণনা আৰম্ভ

ৰাজ্যত ২০২৭ বৰ্ষৰ লোকপিয়লৰ স্ব গণনা কালি আৰম্ভ হৈছে। জনসাধাৰণে se.census.gov.in প'ৰ্টেলত নিজৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি অটিপিৰ জৰিয়তে লগ ইন কৰি পৰিয়ালৰ লগতে অন্যান্য তথ্যসমূহ দাখিল কৰিব পাৰিব। প্রতিদিনে পুৱা ৬ বজাৰ পৰা মাজনিশা পর্যন্ত খোলা থকা এই প'র্টেলত অসমীয়া আৰু ইংৰাজীকে ধৰি অন্যান্য ১৪টা ভাষাত নাগৰিকসকলে তথ্যসমূহ পূৰাব পাৰিব। এই স্ব-গণনা প্ৰক্ৰিয়াৰ অহা ১৬ আগষ্টত সামৰণি পৰিব। ইয়াৰ পাছত ১৭ আগষ্টৰ পৰা ১৫ ছেপ্তেম্বৰলৈ চৰকাৰীভাৱে নিয়োগ কৰা গণনাকাৰীসকলে প্রতিটো বাসগৃহলৈ গৈ স্ব-গণনাৰ তথ্যসমূহ পৰীক্...