ৰাজ্যত ২০২৭ বৰ্ষৰ লোকপিয়লৰ স্ব গণনা কালি আৰম্ভ হৈছে। জনসাধাৰণে se.census.gov.in প’ৰ্টেলত নিজৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি অটিপিৰ জৰিয়তে লগ ইন কৰি পৰিয়ালৰ লগতে অন্যান্য তথ্যসমূহ দাখিল কৰিব পাৰিব। প্রতিদিনে পুৱা ৬ বজাৰ পৰা মাজনিশা পর্যন্ত খোলা থকা এই প’র্টেলত অসমীয়া আৰু ইংৰাজীকে ধৰি অন্যান্য ১৪টা ভাষাত নাগৰিকসকলে তথ্যসমূহ পূৰাব পাৰিব। এই স্ব-গণনা প্ৰক্ৰিয়াৰ অহা ১৬ আগষ্টত সামৰণি পৰিব। ইয়াৰ পাছত ১৭ আগষ্টৰ পৰা ১৫ ছেপ্তেম্বৰলৈ চৰকাৰীভাৱে নিয়োগ কৰা গণনাকাৰীসকলে প্রতিটো বাসগৃহলৈ গৈ স্ব-গণনাৰ তথ্যসমূহ পৰীক্ষা কৰিব। এই প্ৰক্ৰিয়াত ৮৫ হাজাৰ গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে।
Assamese | August 3, 2026 1:16 PM | Assam Census
ৰাজ্যত ২০২৭ বৰ্ষৰ লোকপিয়লৰ স্ব-গণনা আৰম্ভ