August 18, 2026 8:23 PM | Assam Census

printer

লোকপিয়ল ২০২৭-ৰ বাবে গণনাকাৰী বিষয়াসকলৰ প্রতিটো পৰিয়ালৰ পৰা তথ্য সংগ্ৰহ

ৰাজ্যত কালিৰে পৰা লোকপিয়ল ২০২৭-ৰ বাবে গণনাকাৰী বিষয়াসকলে প্রতিটো পৰিয়ালৰ পৰা তথ্য সংগ্ৰহ কৰিছে। এই প্রক্রিয়া ১৫ ছেপ্তেম্বৰ পৰ্যন্ত চলিব। জনসাধাৰণে স্ব-গণনা প্রক্রিয়াত লাভ কৰা পৰিচয় গণনাকাৰী বিষয়াসকলক প্ৰদান কৰিব লাগিব। এই প্ৰক্ৰিয়াত ৮৫ হাজাৰ গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে।

দক্ষিণ শালমাৰা মানকাচৰ জিলাতো প্রথম পৰ্যায়ৰ জন গণনাৰ কাম কালি আৰম্ভ হয়। জন গণনাৰ জিলা মুখ্য প্রশিক্ষক ৰফিউল আলম আহমেদে প্ৰকাশ কৰা মতে এই পর্যায়ত জিলাখনৰ বাসগৃহৰ সংখ্যা, ঘৰসমূহৰ ব্যৱহাৰৰ ধৰণ, পৰিয়ালৰ তথ্য, নিৰ্মাণৰ শৈলী, বাহন আৰু অন্যান্য মৌলিক সুবিধা তথা সম্পত্তিৰ তথ্য সংগ্ৰহ কৰা হ’ব। জিলাখনত ৭৮৩টা গৃহ তালিকাভুক্ত খণ্ডত গণনা কৰাৰ বাবে ৭২২ গৰাকী গণনাকাৰী আৰু ১২১ গৰাকী তদাৰককাৰী নিয়োগ কৰা হৈছে। জিলা মুখ্য প্রশিক্ষকগৰাকীয়ে কয়, যে গৃহ তালিকাভুক্ত কৰাৰ লগে লগে লোকপিয়লৰ প্ৰথম পর্যায় সম্পূর্ণ নহয়। ১৫ ছেপ্তেম্বৰৰ ভিতৰত গণনাকাৰীসকলে ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰিব।

উল্লেখযোগ্য যে যোৱা ২ আগষ্টৰ পৰা ১৬ আগষ্টলৈ জনসাধাৰণক স্ব-গণনাৰ জৰিয়তে তথ্যসমূহ পূৰণৰ সুযোগ দিয়া হৈছিল।

কেন্দ্ৰীয় চৰকাৰে এইবাৰৰ লোকপিয়লৰ বাবে ৪০টা প্রশ্ন নির্ধাৰণ কৰিছে। ইয়াৰ ভিতৰত ঘৰৰ সৈতে জড়িত তথ্য, পৰিয়ালৰ সাধাৰণ তথ্য, প্রাথমিক সুবিধাসমূহ আৰু সম্পত্তিৰ তথ্য সম্পর্কীয় প্রশ্ন থাকিব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত বাস কৰা সকলো জাতি জনগোষ্ঠীৰে নিজস্ব ভাষা-সংস্কৃতি অসমৰ অমূল্য সম্পদ বুলি অভিহিত কৰাৰ লগতে অসমীয়াক নিজৰ ভাষা হিচাপে গ্ৰহণ কৰা লোকসকলক লোকপিয়লত অসমীয়াক মাতৃভাষা হিচাপে উল্লেখ কৰিবলৈ আহ্বান জনাইছে।

এই লোকপিয়লৰ জৰিয়তে ভৱিষ্যতৰ নীতি নির্ধাৰণৰ বাবে সঠিক ভিত্তি, সম্পদৰ ন্যায্য বিতৰণ, সঠিক স্থানত সঠিক পৰিকল্পনা, উন্নত বিদ্যালয়, চিকিৎসালয় আৰু ৰাস্তা-পথৰ লগতে প্ৰতিটো শ্ৰেণী আৰু প্ৰতিটো অঞ্চলৰ সুষম উন্নয়ন সহায়ক হ’ব।