নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ‘বিকশিত ভাৰতৰ দিশে দেশৰ যাত্ৰাত বিত্তীয় যোগান’ শীর্ষক সন্মিলনৰ কৃষিখণ্ডৰ ৰূপান্তৰৰ বাবে বিত্তীয় সাহায্য শীর্ষক অধিবেশনত যোৱা শনিবাৰে বিত্তমন্ত্রী জয়ন্ত মল্লবৰুৱাই অংশগ্ৰহণ কৰে।
দুদিনীয়া সন্মিলনৰ সামৰণিৰ দিনা অধিৱেশনত অংশ লৈ শ্রী মল্লবৰুৱাই কৃষিখণ্ডৰ বিত্তীয় সহায়ৰ ক্ষেত্ৰত অঞ্চলভিত্তিক দৃষ্টিভংগী গ্রহণ, প্রতিষ্ঠানিক ঋণৰ পৰিসৰ বৃদ্ধি আৰু উৎপাদনৰ পৰা ৰপ্তানিলৈ সুদৃঢ় মূল্য শৃংখল গঢ়ি তোলাৰ পোষকতা কৰে।
কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণৰ লগতে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ বিত্তমন্ত্ৰীসকলৰ উপস্থিতিত অনুষ্ঠিত অধিৱেশনত শ্রী মল্লবৰুৱাই অসমৰ কৃষিখণ্ডৰ বিশেষ সম্ভাৱনা আৰু ভৌগোলিক বৈশিষ্ট্যৰ সৈতে সংগতি ৰাখি বিত্তীয় নীতি প্ৰস্তুত কৰাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে। তেওঁ লগতে অসমৰ সামগ্রিক অর্থ ব্যৱস্থা, উন্নয়নৰ পৰিকল্পনা আদি বিষয়ৰ ওপৰত আলোকপাত কৰে।
অসমৰ সাঁচি উদ্যোগৰ বিপুল সম্ভাৱনাৰ কথা উল্লেখ কৰি ৰাজ্যৰ বিত্তমন্ত্ৰীগৰাকীয়ে এইক্ষেত্ৰত আন্তঃগাঁথনি উন্নয়নৰ বাবে নিয়ম-নীতি সৰলীকৰণ, গুণগত মানৰ পৰীক্ষাগাৰৰ সুবিধা, স্থানীয় প্ৰক্ৰিয়াকৰণ কেন্দ্ৰ আৰু শক্তিশালী ৰপ্তানি সংযোগ গঢ়ি তোলাৰ বাবে আহ্বান জনায়। তেওঁ লগতে অসমৰ পাহাৰীয়া অঞ্চলত উৎপাদিত উৎকৃষ্ট মানৰ আদা আৰু হালধিৰ ৰপ্তানিৰ সম্ভাৱনাৰ কথাও উল্লেখ কৰে।