September 21, 2026 6:47 PM | Sankardev Janmotsab

printer

মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবির্ভাব তিথি উপলক্ষে ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচী

মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক জন্মোৎসৱ ৰাজ্যৰ বিভিন্ন ঠাইত উলহ-মালহেৰে পালন কৰা হৈছে। এই উপলক্ষে সত্ৰপীঠ মাজুলীৰ সত্ৰ, নামঘৰসমূহৰ লগতে আঞ্চলিক ধর্মালোচনী সভাসমূহৰ উদ্যোগত বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে। জিলাখনৰ বহু ঠাইত কালিৰে পৰা গুৰুজনাৰ জন্মোৎসব অনুষ্ঠিত হৈছে।

উজনি মাজুলীৰ এলেঙ্গি টকৌবাৰী সত্ৰত শ্ৰীৰাম ভকতিদ্বাৰ আঞ্চলিক ধর্মালোচনা সভাৰ উদ্যোগত কালিৰেপৰা দুদিনীয়া কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হৈছে। কালি পৰিৱেশ নিকাকৰণ, গছপুলি ৰোপণ, নাম-প্রসঙ্গ, ধর্ম-ধবজা উত্তোলন, বৰগীত, চিত্রাংকণ আৰু দিহা নাম প্রতিযোগিতা অনুষ্ঠিত হয়। আজি মুকলি সভা, বাঁটা বিতৰণী অনুষ্ঠান আৰু নিশালৈ স্থানীয় যুৱকৰ সহযোগত হৰিচন্দ্ৰ উপাখ্যান ভাওনা প্ৰদৰ্শন কৰা হ’ব।

ইপিনে মধ্য মাজুলী আঞ্চলিক শংকৰদেৱ সাংস্কৃতিক সংঘৰ সৌজন্যত পোলোঙানী গাঁৱত কালিৰে পৰা চাৰিদিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱৰ আয়োজন কৰা হৈছে।

বাক্সা জিলাৰ কালপানী নামঘৰতো আজিৰে পৰা তিনি দিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হৈছে। এই উপলক্ষে আজি পুৱা অঞ্চলটোৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে এটা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্রাত অংশগ্ৰহণ কৰে। ইয়াৰ পাছত অঞ্চলটোৰ ৰাইজে নামঘৰত যথা ৰীতি নাম-প্ৰসংগ আৰু ধর্মীয় ৰীতি-নীতিৰে মহাপুৰুষজনাৰ জন্মোৎসৱ পালন কৰে।

বিশ্বনাথ জিলাৰ শংকৰদেৱ সংঘৰ বিশ্বনাথ আঞ্চলিক নামঘৰতো আজি দিনজোৰা কাৰ্যসূচীৰে গুৰুজনাৰ আবির্ভাব তিথি পালন কৰা হৈছে। বিশ্বনাথ সমষ্টিৰ বিধায়ক পল্লব লোচন দাসে আজি বিশ্বনাথ চাৰিআলিত পুনৰ নিৰ্মাণ কৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আঞ্চলিক নামঘৰ উদ্বোধন কৰি এইদৰে কয়-

শংকৰদেৱৰ আৱিৰ্ভাৱ তিথি উপলক্ষে গোৱালপাৰা চহৰৰ শ্ৰীশ্ৰীশ্যামৰায় সত্ৰত পাঁচদিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জিলাখনৰ বগুৱানৰ ঐতিহাসিক হাটী সত্ৰতো গুৰুজনাৰ আবিৰ্ভাৱ তিথি উদযাপন কৰা হৈছে।

বৰপেটা সত্ৰত শংকৰদেৱৰ জন্মোৎসৱ উপলক্ষে পুৱা আইসকলৰ প্ৰসংগৰ পাছত বাপসকলে প্রসংগ কৰে। জিলাখনৰ পাটবাউসীৰ শ্ৰীশ্ৰীশংকৰদেৱ থান সত্ৰ, গুৰুজনাই বৰপেটালৈ আহি প্ৰথম বাহৰ পতা চিনপৰা ভিঠি থান সত্ৰৰ লগতে গনককুছি সত্ৰ, সুন্দৰীদিয়া সত্ৰকে ধৰি আন আন সত্ৰ, নামঘৰসমূহত গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হৈছে।

কোচবিহাৰৰ মধুপুৰ সত্ৰ, শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা সত্ৰ, ডিব্ৰুগড় জিলাৰ বিভিন্ন সত্ৰ, নামঘৰসমূহ আৰু গোলাঘাট জিলাৰ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত পুৱাৰেপৰা গুৰু বন্দনা আৰু নাম-প্ৰসংগ তথা বিভিন্ন কাৰ্যসূচীৰে মুখৰ হৈ পৰে। গুৱাহাটী মহানগৰীৰ নামঘৰসমূহতো আজি দিনজোৰা কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হৈছে।