কেৰলমৰ অষ্টাদশ আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত প্ৰদৰ্শনৰ বাবে কোনো চলচ্চিত্ৰৰ অনুমতি অস্বীকাৰ কৰা হোৱা নাই বুলি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ স্পষ্টীকৰণ

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ে স্পষ্ট কৰি দিছে যে কেৰলমৰ অষ্টাদশ আন্তঃৰাষ্ট্ৰীয় তথ্যচিত্ৰ আৰু ছুটি ছবি মহোৎসৱত প্ৰদৰ্শনৰ বাবে কোনো চলচ্চিত্ৰৰ অনুমতি অস্বীকাৰ কৰা হোৱা নাই। কংগ্ৰেছ নেতা শশী ঠাৰুৰৰ অভিযোগৰ প্ৰত্যুত্তৰ দি মন্ত্ৰ্যালয়ে কয়, যে ছখন চলচ্চিত্রক অধিক বিস্তৃত সাৰংশ প্রদান কৰিবলৈ অনুৰোধ কৰা হৈছে।

সামাজিক মাধ্যমযোগে দিয়া এটা বার্তাত মন্ত্র্যালয়ে কয়, যে ছবিসমূহৰ বিষয়বস্তুৰ ওপৰত নিৰ্ভৰ কৰি কিছুমান বিভিন্ন ক্ষেত্রীয় কর্তৃপক্ষলৈ তেওঁলোকৰ পৰ্যালোচনাৰ বাবে প্ৰেৰণ কৰা হৈছে। শ্রী ঠাৰুৰে অভিযোগ কৰিছিল যে মহোৎসৱত কেৰেলমৰ ৩১ খন চলচ্চিত্ৰ প্ৰদৰ্শনৰ অনুমতি দিয়া হোৱা নাছিল।