ছট পূজা উপলক্ষে গুৱাহাটী যান-বাহন আৰক্ষীৰ কাইলৈ আৰু পৰহিলৈ কেতবোৰ নিষেধাজ্ঞা আৰোপ

গুৱাহাটী যান-বাহন আৰক্ষীয়ে ছট পূজা উপলক্ষে কাইলৈ আৰু পৰহিলৈ কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। এই অনুসৰি কাইলৈ দিনৰ ১১ বজাৰ পৰা পৰহিলৈ দিনৰ ১১ বজালৈ এম জি ৰ’ডত মাছখোৱা পইণ্টৰ পৰা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ আবাসগৃহ পইণ্টলৈ বাণিজ্যিক সামগ্রী কঢ়িওৱা বাহন আৰু ৰিক্সা, ঘোড়াগাড়ীকে ধৰি ধীৰ গতিৰ বাহন চলাচল নিষিদ্ধ কৰা হৈছে।

অৱশ্যে ভক্তসকলে পূজাৰ সামগ্ৰী কঢ়িয়াবলৈ ব্যৱহাৰ কৰা ধীৰ গতিৰ বাহনৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা প্রযোজ্য নহ’ব। ভক্ত আৰু পূজাৰ সামগ্ৰী কঢ়িওৱা বাহনৰ বাহিৰে আন কোনো বাহনক মাছখোৱা পইণ্টৰ পৰা মুখ্য ন্যায়াধীশৰ আবাসগৃহ পইণ্টলৈ চলাচল কৰিবলৈ দিয়া নহ’ব।

খানাপাৰা দিশৰ পৰা ভৰলুমুখৰ দিশে অহা চিটিবাছ আৰু এ এছ টি চি বাছসমূহে জি এছ-এ টি ৰ’ড হৈ চলাচল কৰিব লাগিব আৰু এই বাছসমূহে আৰ বি আইৰে পাণবজাৰৰ দিশে ঘূৰিব নোৱাৰিব।

জালুকবাৰীৰ দিশৰ পৰা অহা চিটিবাছ আৰু এ এছ টি চি বাছসমূহক মাছখোৱা পইণ্টৰ পৰা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ আবাসগৃহ পইণ্টলৈকে এম জি ৰ’ডেৰে চলাচল কৰিবলৈ দিয়া নহ’ব। এই বাছসমূহক মাছখোৱা পইণ্টত এ টি ৰ’ড এছ বি ৰ’ড হৈ চানমাৰি, এ টি জি এছ ৰ’ড হৈ নুনমাটি আৰু খানাপাৰাৰ দিশে যাবলৈ দিয়া হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।