এন টি পি চি বঙাইগাঁৱৰ ৰাষ্ট্ৰীয় তাপবিদ্যুৎ নিগম লিমিটেডৰ ৫২ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

এন টি পি চি বঙাইগাঁৱে আজি ৰাষ্ট্ৰীয় তাপবিদ্যুৎ নিগম লিমিটেডৰ ৫২ সংখ্যক প্ৰতিষ্ঠা দিৱস উৎসাহ উদ্দীপনাৰে পালন কৰে। অনুষ্ঠানত এন টি পি চি বঙাইগাওঁৰ কাৰ্যবাহী সঞ্চালক তথা প্ৰকল্প মুৰববী অৰ্ণৱ মৈত্ৰই পতাকা উত্তোলন কৰে।

অনুষ্ঠানত পৰিচালনা আৰু তদাৰক শাখাৰ মহা প্ৰৱন্ধক অনুৰাগ গুপ্তা আৰু তদাৰক আৰু ব্যৱস্থাপনা শাখাৰ মহা প্ৰৱন্ধক ৰাজেশ কুমাৰ মাঝিৰ লগতে প্ৰতিষ্ঠানটোৰ জ্যেষ্ঠ বিষয়াবর্গ উপস্থিত থাকে। প্রতিষ্ঠানটোত কৰ্মৰত কেইবাগৰাকীও কৰ্মীক এই অনুষ্ঠানতে শ্রেষ্ঠ কৰ্মচাৰী বঁটাও প্ৰদান কৰা হয়।