অসমৰ প্ৰতিভাৱান সাঁতোৰবিদ তীৰ্থংক পেগুৱে যুৱ অলিম্পিকত পুৰুষৰ ২০০ মিটাৰ বাটাৰফ্লাই শিতানত ব্ৰঞ্জৰ পদক অৰ্জন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে।
এই সাফল্যৰে তীৰ্থংক যুৱ অলিম্পিকত পদক লাভ কৰা দেশৰ প্ৰথমগৰাকী পুৰুষ সাঁতোৰবিদ হিচাপে পৰিগণিত হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই খেলুৱৈগৰাকীক এই কৃতিত্বৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে।
ড০ শৰ্মাই আজি সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয়, যে খেলুৱৈগৰাকীৰ এই সাফল্যই অসম তথা সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেওঁ লগতে তীর্থংকৰ উজ্বল ভৱিষ্যৎ কামনা কৰে।