November 7, 2026 9:09 PM

views 9

যুৱ অলিম্পিকত পুৰুষৰ ২০০ মিটাৰ বাটাৰফ্লাই শিতানত অসমৰ প্ৰতিভাৱান সাঁতোৰবিদ তীৰ্থংক পেগুৰ ব্ৰঞ্জৰ পদক অৰ্জন

অসমৰ প্ৰতিভাৱান সাঁতোৰবিদ তীৰ্থংক পেগুৱে যুৱ অলিম্পিকত পুৰুষৰ ২০০ মিটাৰ বাটাৰফ্লাই শিতানত ব্ৰঞ্জৰ পদক অৰ্জন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। এই সাফল্যৰে তীৰ্থংক যুৱ অলিম্পিকত পদক লাভ কৰা দেশৰ প্ৰথমগৰাকী পুৰুষ সাঁতোৰবিদ হিচাপে পৰিগণিত হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই খেলুৱৈগৰাকীক এই কৃতিত্বৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। ড০ শৰ্মাই আজি সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয়, যে খেলুৱৈগৰাকীৰ এই সাফল্যই অসম তথা সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেওঁ লগতে তীর্থংকৰ উজ্বল ভৱিষ্যৎ কামনা কৰে।

November 3, 2026 12:05 PM

views 8

যুৱ অলিম্পিক ২০২৬ ত ধিনিধি ডেছিংঘুৰ সাঁতোৰত পদক বিজয়ী প্ৰথমগৰাকী ভাৰতীয় মহিলাৰূপে ইতিহাস ৰচনা

চেনেগালৰ ডাকাৰত অনুষ্ঠিত যুৱ অলিম্পিক ২০২৬ ত ধিনিধি ডেছিংঘুৱে সাঁতোৰত পদক বিজয়ী প্ৰথমগৰাকী ভাৰতীয় মহিলাৰূপে ইতিহাস ৰচনা কৰিছে । ১৬ বছৰীয়া ধিনিধিয়ে ৫৬ দশমিক ২-৭ চেকেণ্ডত প্ৰতিযোগিতা সমাপ্ত কৰি তৃতীয় স্থান দখল কৰে। এই প্ৰতিযোগিতাত ৫৫ দশমিক ৮-৯ চেকেণ্ডত খেল সমাপ্ত কৰি ক্ৰ'ৱেছিয়াৰ আনা ভ'বান'ভিকে প্ৰথম আৰু নিউজিলেণ্ডৰ সাঁতোৰবিদ আলিছা লাউছনে ৫৬ দশমিক ১৩ চেকেণ্ডত খেল সমাপ্ত কৰি দ্বিতীয় স্থান লাভ কৰে। ইয়াৰ পূৰ্বে ধিনিধিয়ে মহিলাৰ ১০০ মিটাৰ ফ্ৰী ষ্টাইল পদকৰ দৌৰত অগ্ৰসৰ হৈ যুৱ অলিম্পিকৰ ফাইনেলৰ বা...

August 31, 2025 9:58 PM

views 64

অভিৰুচি ক্ৰীড়া দিৱসৰ সৈতে সংগতি ৰাখি ৰংপুৰ জিলা ক্রীড়া সন্থাৰ দিনজোৰা কাৰ্যসূচীৰে আন্তঃক্লাব সাঁতোৰ প্ৰতিযোগিতাৰ আয়োজন

উত্তৰ-পূবৰ প্ৰথমগৰাকী অর্জুন বঁটা বিজয়ী এথলিট ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে ৩ ছেপ্তেম্বৰত উদযাপন কৰিবলগীয়া অভিৰুচি ক্ৰীড়া দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰংপুৰ জিলা ক্রীড়া সন্থাই শিৱসাগৰৰ জয়সাগৰত দিনজোৰা কাৰ্যসূচীৰে আন্তঃক্লাব সাঁতোৰ প্ৰতিযোগিতাৰ আয়োজন কৰে। ২০০৪ চনৰ এথেন্স অলিম্পিকত দেশক প্রতিনিধিত্ব কৰা ভাৰোত্তোলক প্ৰতিমা কুমাৰী দেৱীয়ে এই প্রতিযোগিতাৰ উদ্বোধন কৰে। প্ৰায় ডেৰ শতাধিক প্রতিযোগীয়ে এই প্রতিযোগিতাত অংশ লয়। এই অনুষ্ঠানতে ১৩ গৰাকী সমাজকৰ্মী আৰু সাংবাদিকক সম্বৰ্ধনা জনোৱা হয়।

April 3, 2025 8:34 PM

views 78

খেল মহাৰণৰ দ্বিতীয় পৰ্যায়ৰ প্ৰথম দিনা সাঁতোৰত যোৰহাট জিলাৰ খেলুৱৈৰ ১৫টা পদক লাভ

খেল মহাৰণৰ দ্বিতীয় পৰ্যায়ৰ ৰাজ্যিক স্তৰৰ প্ৰতিযোগিতাসমূহ কালিৰেপৰা অনুষ্ঠিত হৈছে। কালি খেলৰ প্ৰথম দিনা সাঁতোৰত যোৰহাট জিলাৰ খেলুৱৈয়ে ১৫টা পদক লাভ কৰিবলৈ সমৰ্থ হৈছে। সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত ১৪ আৰু ১৭ বছৰ অনুৰ্ধৰ ৮টা শাখাৰ ভিতৰত ৫টাতে যোৰহাটৰ খেলুৱৈয়ে স্বর্ণ পদক জয় কৰাৰ লগতে ৮টা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ইপিনে, শিৱসাগৰ জিলাই ২টা সোণ আৰু ৩টা ব্ৰঞ্জ, কামৰূপ মহানগৰ জিলাই এটা সোণ আৰু ৩টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সমৰ্থ হয়। সাঁতোৰৰ উপৰি কালি এথলেটিকছ, ফুটবল, কাবাড়ী আৰু দবাৰ প্ৰাথমিক প...