খেল মহাৰণৰ দ্বিতীয় পৰ্যায়ৰ ৰাজ্যিক স্তৰৰ প্ৰতিযোগিতাসমূহ কালিৰেপৰা অনুষ্ঠিত হৈছে। কালি খেলৰ প্ৰথম দিনা সাঁতোৰত যোৰহাট জিলাৰ খেলুৱৈয়ে ১৫টা পদক লাভ কৰিবলৈ সমৰ্থ হৈছে। সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত ১৪ আৰু ১৭ বছৰ অনুৰ্ধৰ ৮টা শাখাৰ ভিতৰত ৫টাতে যোৰহাটৰ খেলুৱৈয়ে স্বর্ণ পদক জয় কৰাৰ লগতে ৮টা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ইপিনে, শিৱসাগৰ জিলাই ২টা সোণ আৰু ৩টা ব্ৰঞ্জ, কামৰূপ মহানগৰ জিলাই এটা সোণ আৰু ৩টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সমৰ্থ হয়। সাঁতোৰৰ উপৰি কালি এথলেটিকছ, ফুটবল, কাবাড়ী আৰু দবাৰ প্ৰাথমিক পৰ্যায়ৰ খেলসমূহ অনুষ্ঠিত হয়। মুঠ ৭,০৯৮ গৰাকী খেলুৱৈয়ে অংশগ্রহণ কৰা খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ ৰাজ্যিক স্তৰৰ এই প্রতিযোগিতা অহা ৬ এপ্ৰিলত সামৰণি পৰিব।
Assamese | April 3, 2025 8:34 PM | Assam Sports | Khel Maharan | Khel-maharan-AssamSports | SPORTS | Swimming
খেল মহাৰণৰ দ্বিতীয় পৰ্যায়ৰ প্ৰথম দিনা সাঁতোৰত যোৰহাট জিলাৰ খেলুৱৈৰ ১৫টা পদক লাভ