December 22, 2025 10:09 PM

views 41

ধেমাজিৰ চিলাপথাৰ মহাবিদ্যালয় খেল পথাৰত আজি সাংসদ খেল মহোৎসৱৰ চূড়ান্ত খেলসমূহ অনুষ্ঠিত হয়

ধেমাজি জিলাৰ চিলাপথাৰ মহাবিদ্যালয় খেল পথাৰত আজি সাংসদ খেল মহোৎসৱৰ চূড়ান্ত খেলসমূহ অনুষ্ঠিত হয়। লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৯টা বিধানসভা সমষ্টিক সামৰি অনুষ্ঠিত হোৱা এই খেলসমূহত মুঠ ৬০০ খেলুৱৈয়ে অংশগ্ৰহণ কৰে। খেল মহোৎসৱৰ চূড়ান্ত খেলত দৌৰ, কাবাদী, দবা আৰু ভলীবল প্ৰতিযোগিতাত বাচনি লাভ কৰা খেলুৱৈসকলক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলসমূহত অংশগ্ৰহণ কৰাৰ সুযোগ প্ৰদান কৰিব বুলি লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই মন্তব্য কৰে খেল মহোৎসৱৰ চূড়ান্ত প্রতিযোগিতাত সাংসদ শ্ৰী বৰুৱাৰ স...

April 5, 2025 12:40 PM

views 52

খেল মহাৰণৰ দ্বিতীয় পৰ্যায়ৰ ৰাজ্যিক স্তৰৰ প্রতিযোগিতাত কামৰূপ জিলাৰ শ্ৰেষ্ঠ খিতাপ দখল

ৰাজ্যৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে আয়োজন কৰা খেল মহাৰণৰ দ্বিতীয় পৰ্যায়ৰ ৰাজ্যিক স্তৰৰ প্রতিযোগিতাত কামৰূপ জিলাই ৪৯ পইণ্টেৰে দ্বিতীয়বাৰলৈ এথলেটিক্‌ছ শাখাত শ্ৰেষ্ঠত্বৰ খিতাপ দখল কৰিছে। কামৰূপ মহানগৰ জিলাই ৪৪ পইণ্টেৰে দ্বিতীয় আৰু ডিব্ৰুগড়ে ২৫ দশমিক ৫ পইণ্টেৰে তৃতীয় শ্রেষ্ঠ দলৰ সন্মান লাভ কৰে। গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত ল'ৰাৰ ১৭ বছৰ অনুৰ্ধৰ শাখাত কামৰূপ জিলাৰ মহর্ষি তনবীৰ বৰাই সোণৰ পদক, ২০০ মিটাৰ দৌৰত ৰূপৰ পদক অৰ্জন কৰাৰ লগতে দীপা দাসে লং জাম্পত ৰূপৰ পদক, জুনু বেগমে ১০০ মিট...

April 3, 2025 8:34 PM

views 53

খেল মহাৰণৰ দ্বিতীয় পৰ্যায়ৰ প্ৰথম দিনা সাঁতোৰত যোৰহাট জিলাৰ খেলুৱৈৰ ১৫টা পদক লাভ

খেল মহাৰণৰ দ্বিতীয় পৰ্যায়ৰ ৰাজ্যিক স্তৰৰ প্ৰতিযোগিতাসমূহ কালিৰেপৰা অনুষ্ঠিত হৈছে। কালি খেলৰ প্ৰথম দিনা সাঁতোৰত যোৰহাট জিলাৰ খেলুৱৈয়ে ১৫টা পদক লাভ কৰিবলৈ সমৰ্থ হৈছে। সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত ১৪ আৰু ১৭ বছৰ অনুৰ্ধৰ ৮টা শাখাৰ ভিতৰত ৫টাতে যোৰহাটৰ খেলুৱৈয়ে স্বর্ণ পদক জয় কৰাৰ লগতে ৮টা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ইপিনে, শিৱসাগৰ জিলাই ২টা সোণ আৰু ৩টা ব্ৰঞ্জ, কামৰূপ মহানগৰ জিলাই এটা সোণ আৰু ৩টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সমৰ্থ হয়। সাঁতোৰৰ উপৰি কালি এথলেটিকছ, ফুটবল, কাবাড়ী আৰু দবাৰ প্ৰাথমিক প...

February 7, 2025 6:55 PM

views 53

শিৱসাগৰত আজিৰে পৰা খেল মহাৰণ ২.০ জিলা পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ আৰম্ভ

শিৱসাগৰত আজিৰে পৰা খেল মহাৰণ ২.০ জিলা পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ আৰম্ভ হৈছে। শিৱসাগৰ নগৰৰ বোর্ডিং খেলপথাৰত এই উপলক্ষে আয়োজিত উদ্বোধনী অনুষ্ঠানত অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত জিলা আয়ুক্তৰ লগতে জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াসকলে অংশগ্রহণ কৰে। উল্লেখযোগ্য যে শিৱসাগৰ জিলাৰ শিৱসাগৰ, নাজিৰা আৰু ডিমৌ সমষ্টিৰ প্ৰায় ১,৫০০ খেলুৱৈয়ে জিলা পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্রহণ কৰিব। ৩ দিনীয়াকৈ আয়োজিত জিলা পৰ্যায়ৰ প্ৰতিযোগিতাৰ পৰহিলৈ সামৰণি পৰিব। ইপিনে, ওদালগুৰি...

December 13, 2024 6:34 PM

views 42

ৰাজ্যজুৰি খেল মহাৰণৰ দ্বিতীয় পৰ্যায় আৰম্ভ

ৰাজ্যজুৰি খেল মহাৰণৰ দ্বিতীয় পৰ্যায় আৰম্ভ হৈছে। কাৰ্বি আংলং জিলাৰ বোকাজান বিধানসভা সমষ্টিত আজিৰে পৰা ১৫ ডিচেম্বৰলৈ চলিবলগীয়া বিধানসভা সমষ্টিৰ দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণ অসম বিধানসভাৰ উপাধ্যক্ষ নোমল মমীনে শুভাৰম্ভ কৰে। যোৰহাট জিলাৰ মৰিয়নিতো খেল মহাৰণৰ দ্বিতীয় পৰ্যায় আৰম্ভ হৈছে।

December 11, 2024 12:53 PM

views 40

তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কালিৰে পৰা ৩ দিনীয়াকৈ দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণ প্ৰতিযোগিতা অনুষ্ঠিত

তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কালিৰে পৰা তিনিদিনীয়াকৈ দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। এই খেল মহাৰণ প্ৰতিযোগিতাত তামুলপুৰ বিধানসভা সমষ্টিৰ প্ৰায় ২ হাজাৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। ভৱানীপুৰৰ বিধায়কে হাতত অগ্নিশিক্ষা লৈ কালি খেল মহাৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

December 10, 2024 6:32 PM

views 60

মানাহ বিধানসভা সমষ্টি ভিত্তিক ৩ দিনীয়াকৈ খেল মহাৰণৰ দ্বিতীয় সংস্কৰণ আৰম্ভ

বাক্সা জিলাৰ কমলাবাৰী ষ্টেডিয়ামত আজি মানাহ বিধানসভা সমষ্টি ভিত্তিক ৩ দিনীয়াকৈ খেল মহাৰণৰ দ্বিতীয় সংস্কৰণ আৰম্ভ কৰা হয়। বিধায়ক ফনীধৰ তালুকদাৰে উদ্বোধন কৰা এই অনুষ্ঠানত বিটিআৰৰ কাৰ্যবাহী সদস্য গৌতম দাসকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

December 8, 2024 6:19 PM

views 53

তেজপুৰ বিধানসভা সমষ্টিত দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণৰ প্ৰতিযোগিতাসমূহ আৰম্ভ

দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণৰ অন্তৰ্গত তেজপুৰ বিধানসভা সমষ্টিত সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ আজি আৰম্ভ হয়। তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই তেজপুৰ প'ল' খেলপথাৰত আয়োজিত দ্বিতীয় খেল মহাৰণ অনুষ্ঠানৰ শুভাৰম্ভ কৰে। তেজপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ১৩খন গাঁও পঞ্চায়ত আৰু এটা নগৰীয় স্থানীয় নিকায়ৰ প্ৰায় ৩ হাজাৰ প্ৰতিযোগীয়ে দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণত অংশগ্ৰহণ কৰিছে। একেদৰে তামুলপুৰ জিলাত দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণৰ ভি চি ডি চি পৰ্যায়ৰ প্ৰতিযোগিতা সামৰণি পৰাৰ পাছত সমষ্টিভিত্তিক প্রতিযোগিতাৰ বা...

December 7, 2024 8:18 PM

views 41

দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণৰ বিধানসভা সমষ্টিভিত্তিক প্রতিযোগিতাসমূহ আজিৰে পৰা বৰপেটা জিলাত অনুষ্ঠিত

অসম চৰকাৰে আয়োজন কৰা দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণৰ বিধানসভা সমষ্টিভিত্তিক প্রতিযোগিতাসমূহ আজিৰে পৰা বৰপেটা জিলাত অনুষ্ঠিত হৈছে। আজি বৰপেটা বিধানসভা সমষ্টিত প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰা হয়। জিলাখনৰ ক্ৰীড়া বিভাগৰ দায়িত্বত থকা অতিৰিক্ত জিলা আয়ুক্ত খনীন্দ্র দাসে এই প্রতিযোগিতা উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত জিলাখনৰ কেইবাগৰাকী প্ৰবীন খেলুৱৈ উপস্থিত থাকে। ৪ দিনীয়াকৈ হবলগীয়া এই প্রতিযোগিতাত এথলেটিক্স, ডবা, কাবাড়ী আদি খেল খেলোৱা হ'ব। উল্লেখযোগ্য যে, জিলাখনত এইবাৰ খেল মহাৰণৰ বাবে ৩ লাখ ২৪ হাজাৰ গৰাক...

November 14, 2024 12:28 PM

views 36

খেল মহাৰণৰ দ্বিতীয় সংস্কৰণ আৰম্ভ

অসমৰ ক্ৰীড়া ইতিহাসৰ সবাতোকৈ বৃহৎ ক্রীড়া প্রতিযোগিতা খেল মহাৰণৰ দ্বিতীয় সংস্কৰণ কালিৰে পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে। তৃণমূল পৰ্যায়ৰ ক্ৰীড়া প্রতিভাসমূহক বিকাশৰ মঞ্চ হিচাপে গ্রহণ কৰা এই প্রতিযোগিতাত ৭টা শাখাত প্রায় ৬৪ লাখ প্রতিযোগীয়ে অংশগ্রহণ কৰিছে। খেল মহাৰণ উপলক্ষে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে। মুখ্যমন্ত্রীগৰাকীয়ে কয়, যে এই পদক্ষেপে অসমৰ বিশাল ক্রীড়া সম্ভাৱনা বৃদ্ধিৰ লগতে ক্রীড়া সংস্কৃতি বিকাশত পুনৰ এক নতুনত্বৰ সূচনা কৰিব। আমাৰ গোৱালপাৰাৰ সংবাদদাতাই জিলাখনত...