November 7, 2026 12:32 PM | Khel Maharan

printer

ৰাজ্যত আজিৰে পৰা খেল মহাৰণৰ তৃতীয় সংস্কৰণ

ৰাজ্যত আজিৰে পৰা খেল মহাৰণৰ তৃতীয় সংস্কৰণ অনুষ্ঠিত হৈছে। প্রথম দুটা পৰ্যায়ত সফলতা লাভৰ পাছত এইবাৰ ৮ টা ক্রীড়া শাখা সামৰি ব্যাপক ৰূপত প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। ইতিমধ্যে ৬০ লাখৰো অধিক প্রতিযোগীয়ে খেল মহাৰণৰ বাবে পঞ্জীয়ন কৰিছে। এইবাৰৰ খেল মহাৰণত ১৩ বছৰ অনুর্ধ শাখাৰ বাবে শিশু ক্রীড়া সমাৰোহৰো ব্যৱস্থা কৰা হৈছে। তদুপৰি বৈজ্ঞানিক পদ্ধতিৰে প্ৰতিভা চিনাক্তকৰণ আৰু মূল্যায়নৰ লগতে ৫০০ উদীয়মান খেলুৱৈক দুবছৰলৈ জলপানি প্রদান কৰা হ’ব।

গাঁৱৰ খেল-পথাৰৰ পৰা ৰাজ্যিক পৰ্যায়লৈ প্ৰতিভা সন্ধান, প্রতিভা বিকাশ আৰু ক্রীড়াৰ জৰিয়তে যুৱ সমাজক শক্তিশালী কৰাৰ বাবে এইবাৰ ৰোমাঞ্চকৰ ৰূপত এই ক্রীড়াৰ আয়োজন কৰা হৈছে। এইবাৰ নতুনকৈ এথলেটিক্স, যোগাসন, দবা, বক্সিং, একুৱাথলন, ফুটবল, ভলীবল আৰু সাঁতোৰ এইকেইটা শিতানত খেল অনুষ্ঠিত হ’ব।

ৰাজ্যজুৰি আৰম্ভ হোৱা তৃতীয় খেল মহাৰণ পশ্চিম কাৰ্বি আংলং জিলা প্ৰশাসনৰ উদ্যোগত জিলাখনত তিনিটা পৰ্যায়ত পৰিষদীয় সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ আৰম্ভ হয়। কাছাৰ জিলাতো আজি ৯ টা স্থানত গ্রাম পঞ্চায়ত আৰু পৌৰসভা পৰ্যায়ৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত তেজপুৰৰ হাজৰাপাৰ ষ্টেডিয়ামত খেল মহাৰণৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত এই কাৰ্যসূচীত তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভা আৰু শোণিতপুৰ জিলাৰ জিলা আযুক্ত আনন্দ কুমাৰ দাস উপস্থিত থাকে। অনুষ্ঠানত অঞ্চলটোৰ প্ৰায় ৩ হাজাৰ গৰাকী যুৱ খেলুৱৈয়ে অংশগ্রহণ কৰিছে। গোৱালপাৰা জিলাতো খেল মহাৰণৰ তৃতীয় পৰ্যায়ৰ খেলসমূহ চাৰিটা সমষ্টিত অনুষ্ঠিত হৈছে। জিলা আয়ুক্ত প্রদীপ টিমুঙে খেলসমূহ যাতে সুন্দৰ পৰিবেশত নিয়াৰিকৈ অনুষ্ঠিত হয়, তাৰ বাবে পৰিস্থিতি তদাৰক কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।