November 3, 2026 12:05 PM | Swimming

printer

যুৱ অলিম্পিক ২০২৬ ত ধিনিধি ডেছিংঘুৰ সাঁতোৰত পদক বিজয়ী প্ৰথমগৰাকী ভাৰতীয় মহিলাৰূপে ইতিহাস ৰচনা

চেনেগালৰ ডাকাৰত অনুষ্ঠিত যুৱ অলিম্পিক ২০২৬ ত ধিনিধি ডেছিংঘুৱে সাঁতোৰত পদক বিজয়ী প্ৰথমগৰাকী ভাৰতীয় মহিলাৰূপে ইতিহাস ৰচনা কৰিছে । ১৬ বছৰীয়া ধিনিধিয়ে ৫৬ দশমিক ২-৭ চেকেণ্ডত প্ৰতিযোগিতা সমাপ্ত কৰি তৃতীয় স্থান দখল কৰে। এই প্ৰতিযোগিতাত ৫৫ দশমিক ৮-৯ চেকেণ্ডত খেল সমাপ্ত কৰি ক্ৰ’ৱেছিয়াৰ আনা ভ’বান’ভিকে প্ৰথম আৰু নিউজিলেণ্ডৰ সাঁতোৰবিদ আলিছা লাউছনে ৫৬ দশমিক ১৩ চেকেণ্ডত খেল সমাপ্ত কৰি দ্বিতীয় স্থান লাভ কৰে। ইয়াৰ পূৰ্বে ধিনিধিয়ে মহিলাৰ ১০০ মিটাৰ ফ্ৰী ষ্টাইল পদকৰ দৌৰত অগ্ৰসৰ হৈ যুৱ অলিম্পিকৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা সাঁতোৰবিদ হিচাপে পৰিগণিত হৈছে।

আনহাতে যুৱ অলিম্পিকত মহিলাৰ ৬৩ কেজি শাখাত ৰূপৰ পদক লাভৰ আশাৰে ফাইনেলত প্ৰৱেশ কৰা খুচ ৰজকভাই দৰ্জাদা দ্বিতীয়গৰাকী ভাৰতীয় জুডো খেলুৱৈ হিচাপে পৰিগণিত হৈছে। যুৱ অলিম্পিকত একমাত্র জুডো পদক বিজয়ী হিচাপে থাংজাম তবাবী দেৱীয়ে নিজৰ নাম লিপিবদ্ধ কৰিছে। তেওঁ ২০১৮ চনত আৰ্জেণ্টিনাৰ বুয়েনছ আয়াৰ্ছত অনুষ্ঠিত যুৱ অলিম্পিকৰ জুডোেত মহিলাৰ ৪৪ কেজি শাখাত ৰূপৰ পদক লাভ কৰিছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।