কোকৰাঝাৰ জিলা হালোৱাদলৰ তাৰং জিজিৰি খেলপথাৰত তিনি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কলা আৰু সংস্কৃতিৰ ৰাষ্ট্ৰীয় মহোৎসৱ বড়ো হাৰিমো ছানৰ আজি সামৰণি পৰে। বিত্ত, বন আৰু পৰিৱেশ মন্ত্রী জয়ন্ত মল্লবৰুৱাই সামৰণি অনুষ্ঠিত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে।
এই মহোৎসৱত ৰাজস্থান, ওড়িশা, পাঞ্জাব, পশ্চিমবংগ, দার্জিলিং, ত্ৰিপুৰাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ শিল্পীসকলে সাংস্কৃতিক অনুষ্ঠানৰ পৰিৱেশন কৰে।
সংগীত নাটক একাডেমী বঁটা বিজয়ী ওষ্টাদ কামিনি কুমাৰ নাৰ্জাৰীৰ জন্ম শতবার্ষিকিৰ সৈতে সংগতি ৰাখি এই মহোৎসৱ অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে, বড়ো লোকসংগীত, নৃত্য আৰু পৰম্পৰা সংৰক্ষণ তথা প্ৰসাৰৰ ক্ষেত্ৰত নাৰ্জাৰীয়ে অতুলনীয় অৱদান আগবঢ়াই থৈ গৈছে।
বড়ো হাৰিমো ছান মহোৎসৱৰ জৰিয়তে মহীৰূহগৰাকীৰ অৱদান শ্ৰদ্ধাৰে স্মৰণ কৰা হয়। এই কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী, বিমল বৰা, চৰণ বড়ো, বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশ লয়।