September 10, 2026 3:34 PM

views 13

কোকৰাঝাৰত বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস উদযাপন

কোকৰাঝাৰত আজি বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস উদযাপন কৰা হয়। কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ অধীনৰ মনোৰোগ বিভাগ আৰু জিলা মানসিক স্বাস্থ্য কাৰ্যসূচীৰ অধীনত এই দিৱস উদযাপন কৰা হয়। বিশ্বনাথ জিলাতো আজি ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য কাৰ্যসূচী আৰু জিলা স্বাস্থ্য সমিতিৰ যৌথ উদ্যোগত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত আত্মহত্যা প্ৰতিৰোধ দিৱসৰ লগত সংগতি ৰাখি এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত জিলা চিকিৎসালয়ৰ অধীক্ষক, জ্যেষ্ঠ চিকিৎসকৰ লগতে ভালেসংখ্যক চিকিৎসা কৰ্মী, আশা কৰ্মী আৰু স্থানীয় লোক উপস্...

July 18, 2026 7:05 PM

views 16

কোকৰাঝাৰত মোৰ ৰেচম মোৰ অভিমান-প্রযুক্তি হস্তান্তৰ অভিযানৰ দ্বিতীয় সংস্কৰণ অনুষ্ঠিত

কোকৰাঝাৰ জিলাত ৰেচম উৎপাদকসকলক আধুনিক প্রযুক্তিৰে বহনক্ষম উপাৰ্জন নিশ্চিত কৰাত সহায় কৰিবলৈ জিলাখনৰ আদাবাৰীৰ ৰেচম উদ্যানত মোৰ ৰেচম মোৰ অভিমান-প্রযুক্তি হস্তান্তৰ অভিযানৰ দ্বিতীয় সংস্কৰণ অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় ৰেচম ব'ৰ্ডৰ উদ্যোগত বস্ত্ৰ মন্ত্ৰালয়ে বিটিচিৰ ৰেচম সঞ্চালকালয়ৰ সহযোগত এই কাৰ্যসূচী অনুষ্ঠিত কৰিছে। অনুষ্ঠানত বিটিচিৰ কাৰ্যবাহী সদস্য কৰ্মেশ্বৰ ৰয় বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। ৰেচম উৎপাদকসকলৰ সহায় হোৱাকৈ প্ৰযুক্তি ব্যৱহাৰৰ নতুন অভ্যাস গঢ়ি তোলাৰ বাবে অনুষ্ঠানত পৰামৰ্শ দিয়া হয়...

July 13, 2026 6:14 PM

views 19

কোকৰাঝাৰত বন বিভাগৰ সশস্ত্র সীমাবলৰ সহযোগত দুজন সন্দেহজনক চোৰাং চিকাৰী গ্ৰেপ্তাৰ

কোকৰাঝাৰত বন বিভাগে আজি সশস্ত্র সীমাবলৰ সহযোগত দুজন সন্দেহজনক চোৰাং চিকাৰী গ্ৰেপ্তাৰ কৰে। জিলাখনৰ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত চলোৱা এটা পৃথক অভিযানত এই অভিযুক্ত দুজনে পলায়ন কৰিবলৈ লোৱাৰ সময়তে গ্ৰেপ্তাৰ কৰা হয়৷

July 6, 2026 6:32 PM

views 23

কোকৰাঝাৰত সৰলভাঙা নদীৰ পাৰত দুষ্প্ৰাপ্য গুঁই সাপ নিধনৰ অপৰাধত দুজন ব্যক্তিক গ্ৰেপ্তাৰ

কোকৰাঝাৰ জিলাৰ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান আৰু চিনা জহোলাউ ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ যোৱা সৰলভাঙা নদীৰ পাৰত দুষ্প্ৰাপ্য গুঁই সাপ নিধনৰ অপৰাধত দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হয়। সীমা সশস্ত্র বাহিনীৰ জোৱান আৰু উল্টাপানী বন সংমণ্ডলৰ কৰ্মচাৰীৰ যুটীয়া অভিযানত যোৱা নিশা ব্যক্তি দুজনক গ্ৰেপ্তাৰ কৰা হয়। দুয়োজন অভিযুক্তক অধিক তদন্তৰ বাবে কোকৰাঝাৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰোৱা হৈছে।

January 23, 2026 6:31 PM

views 53

কোকৰাঝাৰৰ সংঘৰ্ষত ক্ষতিগ্রস্ত পৰিয়ালসমূহলৈ ৰাজ্য চৰকাৰৰ আর্থিক সাহায্য প্ৰদান

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্রী জয়ন্ত মল্লবৰুৱাই কোকৰাঝাৰৰ কাৰিগাঁৱৰ শেহতীয়া সংঘৰ্ষত ক্ষতিগ্রস্ত পৰিয়ালসমূহলৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আর্থিক সাহায্য প্ৰদান কৰে। এই অনুসৰি সংঘৰ্ষত নিহত হোৱা দুজন লোকৰ পৰিয়াললৈ ৫ লাখ টকাকৈ, আহত ৩ জনৰ পৰিয়ালৰ এক লাখ টকাকৈ আৰু ক্ষতিগ্রস্ত ৪৩টা পৰিয়াললৈ ৫০ হাজাৰ টকাকৈ প্ৰদান কৰা হয়। মন্ত্ৰীগৰাকীয়ে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্রামা মহিলাৰীৰ সৈতে ক্ষতিগ্রস্ত পৰিয়ালসমূহক সাক্ষাৎ কৰি এই এককালিন সাহায্যৰ চেক প্রদান কৰে। শ্রীমল্ল বৰুৱাই জিলাখনত সংঘৰ্ষত লিপ্ত হোৱা দুয়ো...

January 22, 2026 12:41 PM

views 57

হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত সৰ্বদলীয় প্ৰতিনিধিৰ দলৰ কোকৰাঝাৰ জিলাৰ আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন

কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱৰ গৌৰীনগৰৰ পৰিস্থিতি ক্ৰমাৎ সুস্থিৰ হৈছে। বি টিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত এটা সৰ্বদলীয় প্ৰতিনিধিৰ দলে আজি জিলাখনৰ আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰি শিবিৰত থকা লোকসকলৰ অৱস্থাৰ বুজ লয়। দলটোত বিধায়ক লৰেঞ্চ ইছলাৰী আৰু বি টি চিৰ কেইবাগৰাকীও কাৰ্যবাহী সদস্য আছিল। জিলাখনত সেনা বাহিনীৰ কটকটীয়া বেষ্টনীৰ মাজত কাৰিগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ চলাচল অব্যাহত আছে। কালি আশ্রয়শিবিৰসমূহ পৰিদৰ্শন কৰি অসম আৰক্ষীৰ আইন-শৃংখলা শাখাৰ মহাপৰিদৰ্শক অখিলেশ সিঙে শিবিৰত থকা লোকসকলক ক...

January 22, 2026 11:58 AM

views 55

কোকৰাঝাৰৰ কাৰিগাঁৱৰ গৌৰীনগৰৰ পৰিস্থিতি ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ আহিছে

কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱৰ গৌৰীনগৰৰ পৰিস্থিতি ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ আহিছে। সেনা বাহিনীৰ কটকটীয়া বেষ্টনীৰ মাজত কাৰিগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ চলাচল অব্যাহত আছে। কালি আশ্রয়শিবিৰসমূহ পৰিদৰ্শন কৰি অসম আৰক্ষীৰ আইন-শৃংখলা শাখাৰ মহাপৰিদৰ্শক অখিলেশ সিঙে শিবিৰত থকা লোকসকলক কোনো সংশয় অবিহনে নিজ বাসগৃহলৈ উভতি যাবলৈ আহ্বান জনায়। তেওঁ পৰিস্থিতি স্বাভাৱিক হোৱা বুলি দাবী কৰি জিলাখনত পৰ্যাপ্ত নিৰাপত্তা বাহিনী সষ্টম হৈ থকা বুলিও ৰাইজক আশ্বস্ত কৰে। সংবাদ মাধ্যমৰ আগত শ্ৰী সিঙে কয়, যে এই ঘটনা সন্দৰ্ভত...

August 24, 2025 6:03 PM

views 75

কোকৰাঝাৰত এড়ী সূতা কল উদ্বোধন কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ

● কেন্দ্ৰীয় বস্ত্ৰ আৰু বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই আজি কোকৰাঝাৰ জিলাৰ আদাবাৰীৰ বড়োলেণ্ড ৰেচম উদ্যানত এটা এড়ী সূতা কটা কল উদ্বোধন কৰে। উত্তৰ পূৰ্বাঞ্চল বস্ত্ৰ শিল্প বিকাশ আঁচনিৰ অধীনত এই কলটো স্থাপন কৰা হৈছে। ১৩ কোটি টকা ব্যয়েৰে ৰূপায়ণ কৰা প্ৰকল্পটোৰ আজিৰ উদ্বোধনী অনুষ্ঠানত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো, কার্যবাহী সদস্য দাওবৈচা বড়োৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

July 31, 2025 8:16 PM

views 53

কোকৰাঝাৰত বিটিচি বিধায়িনী সভাৰ এদিনীয়া বিশেষ অধিৱেশন অনুষ্ঠিত

কোকৰাঝাৰ বিটিচি বিধায়িনী ভৱনত আজি বিটিচি বিধায়িনী সভাৰ এদিনীয়া বিশেষ অধিৱেশন অনুষ্ঠিত হয়। কাটিৰাম বড়োৰ অধ্যক্ষতাত অনুষ্ঠিত এই অধিৱেশনত বিপিএফৰ পাৰিষদসকলে বিটিচিৰ ভূমি আৰু ৰাজহ নিয়ামক বিধেয়ক ২০২৫ সন্দৰ্ভত আলোচনা বিচাৰি সদন ত্যাগ কৰে। দলটোৱে এই বিধেয়কখন গৃহীত হোৱাৰ পূৰ্বে আলোচনা হোৱা উচিত আছিল বুলি প্ৰকাশ কৰে। আজিৰ অধিৱেশনতে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্রমোদ বড়োৱে খৰাংপীড়িত সকাহ আঁচনি, বড়োলেণ্ড হেপিনেছ মিছনকে ধৰি কেইবাটাও কল্যাণমূলক আঁচনি ঘোষণা কৰে । অধিৱেশনত আজি শিক্ষা, ক্রীড়া, ভূমি আৰু ...

July 19, 2025 12:09 PM

views 56

কোকৰাঝাৰ জিলা কাৰাগাৰৰ পৰা এন ডি এফ বিৰ ২২ গৰাকী প্ৰাক্তন সদস্যক জামিনত মুকলি

কোকৰাঝাৰ জিলা কাৰাগাৰৰ পৰা এন ডি এফ বিৰ ২২ গৰাকী প্ৰাক্তন সদস্যক কালি জামিনত মুকলি কৰি দিয়া হয়। মুকলি কৰি দিয়া সদস্যকেইজন ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই তদন্ত কৰি থকা বিভিন্ন গোচৰত জড়িত থকাৰ অভিযোগত ১০ বছৰ ধৰি কাৰাৰুদ্ধ হৈ আছিল। এই গোচৰসমূহ পাছত ৰাজ্য চৰকাৰক অর্পণ কৰা হয় আৰু জিলা আদালতে তেওঁলোকক জামিন প্ৰদান কৰে। ২০২০ চনত স্বাক্ষৰিত বড়ো শান্তি চুক্তি ৰূপায়ণৰ দিশত এই সদস্যকেইজনক মুকলি কৰি দিয়া বিষয়টো গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। উল্লেখযোগ্য যে এন আই এয়ে তদন্ত কৰা গোচৰত এন ডি ...