July 18, 2026 7:05 PM | Kokrajhar

printer

কোকৰাঝাৰত মোৰ ৰেচম মোৰ অভিমান-প্রযুক্তি হস্তান্তৰ অভিযানৰ দ্বিতীয় সংস্কৰণ অনুষ্ঠিত

কোকৰাঝাৰ জিলাত ৰেচম উৎপাদকসকলক আধুনিক প্রযুক্তিৰে বহনক্ষম উপাৰ্জন নিশ্চিত কৰাত সহায় কৰিবলৈ জিলাখনৰ আদাবাৰীৰ ৰেচম উদ্যানত মোৰ ৰেচম মোৰ অভিমান-প্রযুক্তি হস্তান্তৰ অভিযানৰ দ্বিতীয় সংস্কৰণ অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় ৰেচম ব’ৰ্ডৰ উদ্যোগত বস্ত্ৰ মন্ত্ৰালয়ে বিটিচিৰ ৰেচম সঞ্চালকালয়ৰ সহযোগত এই কাৰ্যসূচী অনুষ্ঠিত কৰিছে। অনুষ্ঠানত বিটিচিৰ কাৰ্যবাহী সদস্য কৰ্মেশ্বৰ ৰয় বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। ৰেচম উৎপাদকসকলৰ সহায় হোৱাকৈ প্ৰযুক্তি ব্যৱহাৰৰ নতুন অভ্যাস গঢ়ি তোলাৰ বাবে অনুষ্ঠানত পৰামৰ্শ দিয়া হয়। এই পদক্ষেপে অঞ্চলটোত ৰেচম খণ্ডৰ উন্নয়ন আৰু আৰ্থসামাজিক বিকাশত সহায় কৰিব আশা কৰা হৈছে ।