শ্ৰীৰামপুৰ গেটত প্ৰায় ৫ কোটি টকাৰ সন্দেহযুক্ত অ’পিএম ড্ৰাগছ জব্দ

কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অসম-পশ্চিম বংগ সীমান্তৰ শ্ৰীৰামপুৰ গেটত আজি আৰক্ষীয়ে এখন বলেৰ’ গাড়ীৰ পৰা প্ৰায় ৫ কোটি টকাৰ সন্দেহযুক্ত অ’পিএম (অপিয়াম পপি মেটেৰিয়েল) ড্ৰাগছ জব্দ কৰে।

শ্ৰীৰামপুৰ আৰক্ষী আউটপোষ্টৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীব সন্দিকৈৰ নেতৃত্বত চলোৱা অভিযানত এই সামগ্ৰীখিনি জব্দ কৰা হয়। লগতে সামগ্রী কঢ়িয়াই নিয়া বাহনখনৰ চালক জগদীশ কুমাৰকো আৰক্ষীয়ে আটক কৰে।

খবৰ অনুসৰি মণিপুৰৰ পৰা ৰাজস্থান অভিমুখে গৈ থকা বাহনখনৰ ভিতৰত লুকুৱাই ৰখা সন্দেহযুক্ত নিষিদ্ধ সামগ্রী কঢ়িয়াই নিয়াৰ অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।