June 23, 2025 7:05 PM

views 61

কোকৰাঝাৰ নয়েক গাঁৱৰ কাক্রিকোলা খেলপথাৰত হিতাধিকাৰীসকলৰ মাজত অসম চৰকাৰৰ আর্থ-সামাজিক সজাগতা কাৰ্যসূচী

কোকৰাঝাৰ জিলাৰ নয়েক গাঁৱৰ কাক্রিকোলা খেলপথাৰত আজি চৰকাৰে হিতাধিকাৰীসকলৰ মাজত আর্থ-সামাজিক সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰে। এই অনুষ্ঠানৰ মূল উদ্দেশ্য হৈছে চৰকাৰৰ বিভিন্ন কল্যাণমূলক আঁচনিৰ সৈতে জনসাধাৰণক পোনপটীয়াকৈ জড়িত কৰোৱাৰ লগতে চৰকাৰৰ মূল পদক্ষেপসমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰা। ইয়াৰ উপৰি তৃণমূল পৰ্যায়ত আঁচনিসমূহৰ ৰূপায়ণ আৰু ইয়াৰ প্ৰভাৱ সম্পৰ্কে পর্যালোচনা কৰা। অনুষ্ঠানত বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো, ৰাজ্যসভাৰ সাংসদ ৰণগৌড়া নাৰ্জাৰী, কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, পাৰিষদ মা...

April 13, 2025 7:31 PM

views 49

কোকৰাঝাৰ জিলাৰ হৰিণাগুৰিত অনুষ্ঠিত দ্বাদশ বাওখুংগ্ৰী মহোৎসৱৰ দ্বিতীয় দিনা বর্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন

কোকৰাঝাৰ জিলাৰ হৰিণাগুৰিৰ বাওখুংগ্ৰী পাহাৰত কালিৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত দ্বাদশ বাওখুংগ্ৰী মহোৎসৱৰ আজি দ্বিতীয় দিনা বর্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। পৰ্যটন বিভাগে কালি চাইক্লিং প্রতিযোগিতাৰে এই মহোৎসৱৰ শুভাৰম্ভ কৰিছিল। ৩ দিনীয়া এই মহোৎসৱৰ অংশ হিচাপে পাহাৰ বগোৱা, চাইক্লিং, পেৰাগ্লাইদিং, এয়াৰ বেলুন উৰুৱা, খাদ্য মহোৎসৱ আৰু সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে বড়ো জনগোষ্ঠীৰ নৱবৰ্ষৰ উৎসৱ বৈশাগু বা ৰঙালী বিহুৰ পূৰ্বে জনগোষ্ঠীটোৱে এই বাওখুংগ্ৰী পাহাৰ বগোৱা উৎসৱৰ আ...

April 9, 2025 8:04 PM

views 49

গ্ৰীণ বড়োলেণ্ড অভিযানৰ সৈতে জড়িত কোকৰাঝাৰৰ যুৱ ক্লাবসমূহক চেক বিতৰণ

কোকৰাঝাৰৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ত আজি গ্ৰীণ বড়োলেণ্ড অভিযানৰ সৈতে জড়িত যুৱ ক্লাবসমূহৰ মাজত আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰা হয়। এই উদ্যমৰ অংশ হিচাপে পৰিবেশ অভিযানৰ তৃণমূল পৰ্যায়ত অংশগ্রহণ বৃদ্ধিৰ বাবে ১১৫টা যুব ক্লাবক ৫০ হাজাৰ টকাকৈ চেক প্ৰদান কৰা হয়। অনুষ্ঠানত বি টি চিৰ কার্যবাহী সদস্য সজল সিনহা, উইলছন হাজদা, বি টি চি পৰিষদৰ সদস্য ৰিঅ'ৰিয়াও নাৰ্জাৰী, বড়োলেণ্ড বিশ্ববিদ্যালয় উপচাৰ্য প্ৰফেচাৰ বাবুলাল আহুজা আৰু মিছন সঞ্চালক মনোৰঞ্জন দাস উপস্থিত থাকে।

February 17, 2025 5:37 PM

views 52

কোকৰাঝাৰত অসম বিধানসভাৰ বাজেট অধিৱেশন আৰম্ভ

অসম বিধানসভাৰ বাজেট অধিৱেশন আজি আৰম্ভ হৈছে। অধিৱেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচী আজি কোকৰাঝাৰত অনুষ্ঠিত হৈছে। বিটিচিৰ বিধায়িনী ভৱনত ক্ষন্তেক আগতে ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যৰ ভাষণেৰে অধিৱেশনৰ কাৰ্যসূচী আৰম্ভ হয়। ৰাজ্যপাল গৰাকীয়ে তেওঁৰ ভাষণত কোকৰাঝাৰত এই কাৰ্যসূচী আৰম্ভণি কৰা ব্যৱস্থাক ভূয়সী প্ৰশংসা কৰে। এই অধিৱেশনৰ কালত হোৱা চৰ্চাসমূহে তথা অধিৱেশনত গৃহীত সিদ্ধান্তসমূহে নাগৰিকসকলৰ আশা-আকাংক্ষা পূৰণ কৰাত সহায়ক হোৱাৰ উপৰি অসমক এখন অধিক সফল ৰাজ্যত পৰিণত কৰাত বিশেষভাৱে অৰিহণা যোগাব বুলি আশা ব্যক্ত ...

January 12, 2025 8:04 PM

views 50

কোকৰাঝাৰৰ পশ্চিম জনজাতি সমষ্টিৰ ৩ টা পথৰ মুখ্যমন্ত্ৰীৰ পকী পথ নিৰ্মাণ আঁচনিৰ অধীনত আধাৰশিলা স্থাপন

কোকৰাঝাৰৰ ২৯ নম্বৰ পশ্চিম জনজাতি সমষ্টিৰ বিধায়ক ৰবিৰাম নাৰ্জাৰী আজি সমষ্টিটোৰ অন্তৰ্গত শক্তি আশ্ৰম, চিথিলা আৰু ভাওৰাগুৰিত মুখ্যমন্ত্ৰীৰ পকী পথ নিৰ্মাণ আঁচনিৰ অধীনত ৩ টাকৈ পথৰ আধাৰশিলা স্থাপন কৰে। ফকিৰাগ্ৰাম-চেৰফাংগুৰি লোক নিৰ্মাণ বিভাগৰ পথৰ শক্তি আশ্ৰম বজাৰ তিনিআলিৰ পৰা চিথিলালৈ, চিথিলাৰ পৰা যোগদৈ লৈ আৰু ভাওৰাগুৰি মান্দাৰপাৰাৰ পৰা মধ্য কাচকাটা পর্যন্ত পথ নিৰ্মাণ কামৰ আধাৰশিলা স্থাপন কৰে।

December 18, 2024 1:20 PM

views 53

ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে কোকৰাঝাৰ জিলাত কাইলৈৰ পৰা ২৪ নৱেম্বৰলৈ সুশাসন সপ্তাহ পালন

ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে কোকৰাঝাৰ জিলাতো কাইলৈৰ পৰা ২৪ নৱেম্বৰলৈ সুশাসন সপ্তাহ পালন কৰা হ'ব। এই সুশাসন সপ্তাহত বিভিন্ন ৰাজহুৱা অভিযোগসমূহৰ সমাধানৰ বাবে জিলাখনৰ সকলো বিভাগীয় কাৰ্যালয়ৰ লগতে ৰাজহ চক্ৰ বিষয়া আৰু খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত বিশেষ শিবিৰৰ আয়োজন কৰা হৈছে। ৰাজহুৱা সেৱা উন্নীতকৰণৰ বাবে নাগৰিকসকলৰ অমীমাংসিত আবেদনসমূহ শীঘ্ৰেই নিষ্পত্তি কৰিবলৈ সকলো বিভাগকে নিৰ্দেশ দিয়া হৈছে।