কোকৰাঝাৰৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ত আজি গ্ৰীণ বড়োলেণ্ড অভিযানৰ সৈতে জড়িত যুৱ ক্লাবসমূহৰ মাজত আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰা হয়। এই উদ্যমৰ অংশ হিচাপে পৰিবেশ অভিযানৰ তৃণমূল পৰ্যায়ত অংশগ্রহণ বৃদ্ধিৰ বাবে ১১৫টা যুব ক্লাবক ৫০ হাজাৰ টকাকৈ চেক প্ৰদান কৰা হয়। অনুষ্ঠানত বি টি চিৰ কার্যবাহী সদস্য সজল সিনহা, উইলছন হাজদা, বি টি চি পৰিষদৰ সদস্য ৰিঅ’ৰিয়াও নাৰ্জাৰী, বড়োলেণ্ড বিশ্ববিদ্যালয় উপচাৰ্য প্ৰফেচাৰ বাবুলাল আহুজা আৰু মিছন সঞ্চালক মনোৰঞ্জন দাস উপস্থিত থাকে।
Assamese | April 9, 2025 8:04 PM | Kokrajhar
গ্ৰীণ বড়োলেণ্ড অভিযানৰ সৈতে জড়িত কোকৰাঝাৰৰ যুৱ ক্লাবসমূহক চেক বিতৰণ