কোকৰাঝাৰ জিলাৰ হৰিণাগুৰিৰ বাওখুংগ্ৰী পাহাৰত কালিৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত দ্বাদশ বাওখুংগ্ৰী মহোৎসৱৰ আজি দ্বিতীয় দিনা বর্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। পৰ্যটন বিভাগে কালি চাইক্লিং প্রতিযোগিতাৰে এই মহোৎসৱৰ শুভাৰম্ভ কৰিছিল। ৩ দিনীয়া এই মহোৎসৱৰ অংশ হিচাপে পাহাৰ বগোৱা, চাইক্লিং, পেৰাগ্লাইদিং, এয়াৰ বেলুন উৰুৱা, খাদ্য মহোৎসৱ আৰু সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে বড়ো জনগোষ্ঠীৰ নৱবৰ্ষৰ উৎসৱ বৈশাগু বা ৰঙালী বিহুৰ পূৰ্বে জনগোষ্ঠীটোৱে এই বাওখুংগ্ৰী পাহাৰ বগোৱা উৎসৱৰ আয়োজন কৰে। পৰম্পৰাগত বিশ্বাস অনুসৰি এই পাহাৰ বগাই শীৰ্ষলৈ গৈ ইষ্ট দেৱতাৰ আৰাধনা কৰাৰ দ্বাৰা বছৰটোলৈ অসুখ, অশান্তি, আৰু দূৰ্ভাগ্য নাশ হয়। ২০১৩ চনৰ পৰা বিটিচিৰ পৰ্যটন বিভাগে এই উৎসৱৰ আয়োজন কৰি ইয়াৰ অংশ হিচাপে দুঃসাহসিক ক্রীড়া প্রতিযোগিতা অনুষ্ঠিত কৰি আহিছে।
Assamese | April 13, 2025 7:31 PM | Kokrajhar
কোকৰাঝাৰ জিলাৰ হৰিণাগুৰিত অনুষ্ঠিত দ্বাদশ বাওখুংগ্ৰী মহোৎসৱৰ দ্বিতীয় দিনা বর্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন