কোকৰাঝাৰ বিটিচি বিধায়িনী ভৱনত আজি বিটিচি বিধায়িনী সভাৰ এদিনীয়া বিশেষ অধিৱেশন অনুষ্ঠিত হয়। কাটিৰাম বড়োৰ অধ্যক্ষতাত অনুষ্ঠিত এই অধিৱেশনত বিপিএফৰ পাৰিষদসকলে বিটিচিৰ ভূমি আৰু ৰাজহ নিয়ামক বিধেয়ক ২০২৫ সন্দৰ্ভত আলোচনা বিচাৰি সদন ত্যাগ কৰে। দলটোৱে এই বিধেয়কখন গৃহীত হোৱাৰ পূৰ্বে আলোচনা হোৱা উচিত আছিল বুলি প্ৰকাশ কৰে। আজিৰ অধিৱেশনতে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্রমোদ বড়োৱে খৰাংপীড়িত সকাহ আঁচনি, বড়োলেণ্ড হেপিনেছ মিছনকে ধৰি কেইবাটাও কল্যাণমূলক আঁচনি ঘোষণা কৰে । অধিৱেশনত আজি শিক্ষা, ক্রীড়া, ভূমি আৰু কৃষি বিভাগৰ কেইবাটাও প্রশ্ন উত্থাপন কৰা হয়।
Assamese | July 31, 2025 8:16 PM | Kokrajhar
কোকৰাঝাৰত বিটিচি বিধায়িনী সভাৰ এদিনীয়া বিশেষ অধিৱেশন অনুষ্ঠিত