জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্রী জয়ন্ত মল্লবৰুৱাই কোকৰাঝাৰৰ কাৰিগাঁৱৰ শেহতীয়া সংঘৰ্ষত ক্ষতিগ্রস্ত পৰিয়ালসমূহলৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আর্থিক সাহায্য প্ৰদান কৰে। এই অনুসৰি সংঘৰ্ষত নিহত হোৱা দুজন লোকৰ পৰিয়াললৈ ৫ লাখ টকাকৈ, আহত ৩ জনৰ পৰিয়ালৰ এক লাখ টকাকৈ আৰু ক্ষতিগ্রস্ত ৪৩টা পৰিয়াললৈ ৫০ হাজাৰ টকাকৈ প্ৰদান কৰা হয়। মন্ত্ৰীগৰাকীয়ে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্রামা মহিলাৰীৰ সৈতে ক্ষতিগ্রস্ত পৰিয়ালসমূহক সাক্ষাৎ কৰি এই এককালিন সাহায্যৰ চেক প্রদান কৰে। শ্রীমল্ল বৰুৱাই জিলাখনত সংঘৰ্ষত লিপ্ত হোৱা দুয়োটা সম্প্রদায়ৰ লোকসকলে বর্তমান শান্তি শৃংখলা বজাই ৰখাৰ বিষয়টোত সন্তুষ্টি প্রকাশ কৰে। তেওঁ লগতে বিটিআৰ খণ্ডত শান্তি শৃংখলা বজাই ৰখাৰ লগতে ক্ষতিগ্রস্তসকলৰ সাহায্য আৰু পুনৰ সংস্থাপনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ প্ৰতিশ্রুতিবদ্ধতাৰ কথা দোহাৰে।
Assamese | January 23, 2026 6:31 PM | Kokrajhar
কোকৰাঝাৰৰ সংঘৰ্ষত ক্ষতিগ্রস্ত পৰিয়ালসমূহলৈ ৰাজ্য চৰকাৰৰ আর্থিক সাহায্য প্ৰদান