কোকৰাঝাৰত বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস উদযাপন

কোকৰাঝাৰত আজি বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস উদযাপন কৰা হয়। কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ অধীনৰ মনোৰোগ বিভাগ আৰু জিলা মানসিক স্বাস্থ্য কাৰ্যসূচীৰ অধীনত এই দিৱস উদযাপন কৰা হয়।

বিশ্বনাথ জিলাতো আজি ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য কাৰ্যসূচী আৰু জিলা স্বাস্থ্য সমিতিৰ যৌথ উদ্যোগত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত আত্মহত্যা প্ৰতিৰোধ দিৱসৰ লগত সংগতি ৰাখি এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত জিলা চিকিৎসালয়ৰ অধীক্ষক, জ্যেষ্ঠ চিকিৎসকৰ লগতে ভালেসংখ্যক চিকিৎসা কৰ্মী, আশা কৰ্মী আৰু স্থানীয় লোক উপস্থিত থাকে।

উল্লেখযোগ্য যে সমাজৰ পৰা আত্মহত্যাৰ প্ৰৱণতা দূৰ কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে ১০ ছেপ্তেম্বৰৰ দিনটোত এনে কাৰ্যসূচী লোৱা হয়। এই বছৰ আত্মহত্যা প্ৰতিৰোধ দিৱসৰ মূল বিষয়বস্তু হৈছে – ‘আত্মহত্যাৰ ধাৰণাৰ পৰিৱৰ্তন’। নিজক হত্যা কৰিবলৈ ইচ্ছা কৰা, আত্মহননৰ প্ৰস্তুতি বা পৰিকল্পনাৰ বিষয়ে আলোচনা অত্যধিক অপৰাধবোধ, সামাজিক মাধ্যমযোগে আত্মহননৰ ইচ্ছা প্ৰকাশ কৰা বা অহৰহ নিৰাশাবাদী মতামত প্ৰকাশ কৰা, আগতে উপভোগ কৰা কাম-কাজৰ প্ৰতি তীব্র অনীহা আদি আত্মহত্যা প্ৰৱণতাৰ লক্ষণ হ’ব পাৰে।